
নগাঁওঃ অসম চৰকাৰ আৰু সৰ্বশিক্ষা অভিযান মিছনৰ যৌথ উদ্যোগত প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হৈছে দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ৷ শিশু শিক্ষাৰ মানদণ্ড, বিদ্যালয়ৰ আন্তঃগাঁথনি, শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশৰ উপযুক্ত পৰিৱেশ মূল্যায়ণৰ বাবে যোৱা ১০ অক্টোবৰৰ পৰা ৰাজ্যৰ ১২ খন জিলাৰ দৰে নগাঁও জিলাতো অনুষ্ঠিত হৈছে দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ৷
ছাত্ৰ-ছাত্ৰীক গুণগত শিক্ষা প্ৰদান কৰাটোয়েই এই গুণোৎসৱৰ মূল উদ্দেশ্য৷ চাৰিদিনীয়াকৈ আয়োজিত এই গুণোৎসৱৰ নিৰ্দ্ধাৰিত নিয়ম অনুসৰি প্ৰথম দিনা প্ৰতিখন বিদ্যালয়ে স্ব-মূল্যায়ণ সম্পন্ন কৰাৰ পিছত ১৩ অক্টোবৰ পৰ্যক্ত চৰকাৰীভাৱে নিয়োজিত বিশেষ একোজন বিষয়াই বিদ্যালয়বোৰ পৰিদৰ্শন কৰিব৷ এই মৰ্মে নগাঁৱৰ প্ৰতিখন বিদ্যালয়তে গুণোৎসৱক কেন্দ্ৰ কৰি একপ্ৰকাৰ উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে৷
প্ৰতিখন বিদ্যালয় চাফ-চিকুন কৰি আটকধুনীয়াকৈ সজাই-পৰাই বিশেষভাবে নিয়োজিত পৰিদৰ্শক গৰাকীক আকৰ্ষণৰ চেষ্টা কৰিছে বিদ্যালয় কৰ্তৃপক্ষই৷ বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত হোৱা সত্বেও প্ৰত্যেকখন বিদ্যালয়ে গুণোৎসৱত যাতে উন্নত ফলাফল লাভ কৰিব পাৰে তাৰ নিমিত্তে যেন প্ৰতিখন বিদ্যালয়ে ইখনে সিখনৰ লগত অঘোষিত প্ৰতিদন্দ্বিতাত নামি পৰা দেখা গৈছে৷
ইয়াৰ সমান্তৰালকৈ গুণোৎসৱৰ মূল্যায়ণত কোন বিদ্যালয়ে কি গ্ৰেড লাভ কৰিব বা কোন চি আৰ চি সফল হ’ব তাক লৈ আৰম্ভ হৈছে ব্যাপক চৰ্চা৷ ইফালে, বিভিন্ন চৰকাৰী বিভাগৰ বিষয়াক পৰিদৰ্শক হিচাপে নিয়োগ কৰাত এই বিষয়াসকলে লাভ কৰিছে এক সুকীয়া অভিজ্ঞতা৷
কাৰণ এই বিষয়াসকলে প্ৰত্যেকেই বিদ্যালয় পৰিদৰ্শন কৰি শিক্ষকৰ ৰূপত অৱতীৰ্ণ হৈ বিদ্যালয়ৰ সামগ্ৰিক শিক্ষা ব্যৱস্থাটো খুব সূক্ষ্মভাৱে অনুধাৱন কৰি উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে৷