
newsnextone.com| ওদালগুৰিঃ কাইলৈৰ পৰা ৰাজ্যৰ ১৭ খন জিলাক সামৰি আৰম্ভ হ’ব ২০১৮ বৰ্ষৰ প্ৰথম পৰ্যায়ৰ গুণোৎসৱ। এই প্ৰথম পৰ্যায়ৰ গুণোৎসৱে বিভিন্ন জিলাৰ সমান্তৰালকৈ ওদালগুৰি জিলাকো সামৰি লৈছে। জিলাখনৰ তিনিটা শিক্ষাখণ্ড ক্ৰমে খৈৰাবাৰী, ওদালগুৰি আৰু মাজবাটক সামৰি ল’ব ২০১৮ বৰ্ষৰ গুণোৎসৱে। এই তিনিটা শিক্ষাখণ্ডৰ অন্তৰ্গত ১৩৫০ খন নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত কালিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে কালিৰে পৰা আৰম্ভ হ’ব গুণোৎসৱৰ কাৰ্যসূচী।
ইতিমধ্যে শিক্ষা বিভাগৰ তৰফৰ পৰা সকলো ধৰণৰ কাম-কাজ সম্পূৰ্ণ কৰা দেখা গৈছে। গুণোৎসৱৰ কাৰ্যসূচী সুকলমে অনুষ্ঠিত কৰাৰ উদ্দেশ্যে জিলা শিক্ষা বিভাগৰ লগতে জিলা প্ৰশাসনে সকলো দিশতে তীক্ষ্ণ নজৰ ৰখা পৰিলক্ষিত হৈছে। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কৰ্তব্যত থকা শিক্ষকসকলক ইতিমধ্যে জিলা উপায়ুক্তই বিগত ৪ অক্টোবৰ তাৰিখে এক পত্ৰ যোগে গুণোৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহণৰ তৎকালীন নিৰ্দেশনা প্ৰেৰণ কৰিছে। অৱশ্যে গুণোৎসৱ কাৰ্যসূচী পাৰ হৈ যোৱাৰ অন্তত তেওঁলোকক পুনৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কৰ্তব্যত নিয়োগ হবলৈ নিৰ্দেশ দিছে জিলা উপায়ুক্ত দিলীপ কুমাৰ দাসে।
ইপিনে গুণোৎসৱৰ বাবে প্ৰস্তুত কৰা প্ৰশ্নকাকতসমূহ সমল কেন্দ্ৰসমূহৰ দ্বাৰা প্ৰতিখন বিদ্যালয়লৈ পেকেটসহ প্ৰেৰণ কৰা হৈছে। আনহাতে গুণোৎসৱৰ কাৰ্যসূচীক লৈ বিভিন্ন মহলত গুনা-গথাঁ চলিছে। একাংশৰ মতে বিগত বৰ্ষত অনুষ্ঠিত গুণোৎসৱৰ সময়ত বিদ্যালয়সমূহত দেখা দিয়া সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত চৰকাৰ অথবা শিক্ষা বিভাগে কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই অথবা সমস্যাসমূহ সমাধান হোৱা নাই। এই সমস্যাৰ সমাধান হ’লেহে গুণোৎসৱৰ লক্ষ্য সাৰ্থক হ’ব বুলি সচেতন মহলে উল্লেখ কৰে। সি যিয়েই নহওঁক, কালিৰে পৰা অনুষ্ঠিত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ বাবে সাজু হৈ পৰিছে জিলা প্ৰশাসনৰ লগতে শিক্ষা বিভাগ।