আজি দ্বিতীয় পৰ্য্যায়ৰ গুণোৎসৱৰ প্রথম দিন
শিৱসাগৰৰ ভিন্ন প্রান্তৰৰ বিদ্যালয়ত প্রাৰ্থনা সভাত ছাত্র ছাত্রীৰ প্রতিভা প্রদৰ্শন

newsnextoneশিৱসাগৰ ৮অক্টোবৰঃ আজি মহালয়াৰ লগতে আৰম্ভ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ প্রথম দিন ,শিক্ষাৰ গুণগত মানদণ্ড উন্নত কৰাৰ ক্ষেত্রত অসম চৰকাৰৰ এক উল্লেখনীয় পদক্ষেপ হৈছে গুণোৎসৱ,প্রথম পৰ্য্যায়ৰ সমাপ্তিৰ পিছত আজিৰে পৰা ৰাজ্যৰ বহু কেইখন জিলাত আৰম্ভ হৈছে গুণোৎসৱ,শিৱসাগৰ জিলাৰো প্রায় ভাগ বিদ্যালয়তে পূৰ্ণ গতিত আৰম্ভ হোৱা এই উৎসৱত অংশ গ্রহণ কৰিছে ছাত্র ছাত্রী সকলে,কোন বিদ্যালয়ে কি গ্রেড পাব তাক লৈ এতিয়া উৎকন্ঠা বিদ্যালয়সমূহত,এয়া শিৱসাগৰ জিলা দিখৌমুখ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ দৃশ্য,প্রথম পৰ্য্যায়ত হোৱা গুণোৎসৱত A+ গ্রেড পোৱাৰ পিছত এইবাৰো ফলাফল অধিক উন্নত কৰাক লৈ সকলোৱে চলাইছে প্রচেষ্টা,বিশেষকৈ শিক্ষাগুৰুসকলৰ প্রচেষ্টা সলাগল'বলগীয়া বুলি উল্লেখ কৰিছে বিদ্যালয়ত উপস্হিত অভিভাৱক সকলে লগতে অভিভাৱক সকলৰ সহযোগিতা প্রশংসনীয়৷