শুকুৰবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰিব গুৱাহাটী গ্ৰন্থমেলা

The Indian Express
The Indian Express

গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ চানমাৰীৰ অসম অভিযান্ত্ৰিক খেল পথাৰত শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব গুৱাহাটী গ্ৰন্থমেলা। এইবেলি ৩১ বছৰত ভৰি দিছে গুৱাহাটী গ্ৰন্থমেলাই৷

যাৰ বাবে চানমাৰীৰ অসম অভিযান্ত্ৰিক খেল পথাৰত দেখা গৈছে ওখল মাখল পৰিবেশ৷ অসম প্ৰকাশন পৰিষদে অনুষ্ঠিত কৰি অহা ৩১সংখ্যক গুৱাহাটী গ্ৰন্থমেলা অহা ২ জানুৱাৰীত অন্ত পৰিব৷ ইতিমধ্যে প্ৰকাশন পৰিষদে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে৷ চানমাৰিৰ খেলপথাৰ সজাই-পৰাই তোলা হৈছে৷

যোৱা কেইবাটাও বছৰ ধৰি অসম প্ৰকাশন পৰিষদে গুৱাহাটী গ্ৰন্থমেলা চানমাৰিত অনুষ্ঠিত কৰি আহিছে৷ গ্ৰন্থমেলাৰ দিন চমু চাপি অহাৰ লগে লগে এক উৎসৱ মুখৰ পৰিস্থিতৰ সৃষ্টি হয়  চানমাৰিত৷

চানমাৰিৰ অভিযান্ত্ৰিক খেলপথাৰৰ চৌদিশে কইবাখনো চৰকাৰী শিক্ষানুষ্ঠান থকাত ছাত্ৰ-ছাত্ৰীসকলে গ্ৰন্থমেলাৰ প্ৰতিটো কাৰ্যসূচীত অংশ গ্ৰহণ কৰাৰ সুবিধা লাভ কৰি আহিছে৷ গুৱাহাটী কমাৰ্চ কলেজ, জ্ঞানদাভিৰাম আইন মহাবিদ্যালয় আদিকে ধৰি বিভিন্ন অনুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলে অংশ গ্ৰহণ কৰাৰ সুবিধা লাভ কৰে৷

চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অনুষ্ঠিত হৈ অহা গুৱাহাটী গ্ৰন্থমেলাত কবিতা আবৃত্তি, বক্তৃতা আৰু চিত্ৰাংকণৰ জৰিয়তে গ্ৰন্থমেলা প্ৰাংগণত ‘শিশুৰ দিন’ পালন কৰাৰ লগতে গ্ৰন্থৰ সুবাস আৰু ছাত্ৰ-ছাত্ৰী, পুৰষ-মহিলা, কবি, সাহিত্যিক তথা শিশুৰ কাকলিত প্ৰতিদিনে জীপাল হয় গ্ৰন্থমেলাৰ বাকৰি৷ অন্তৰংগ আলাপ অনুষ্ঠানো বিশেষ গুৰুত্ব লাভ কৰে গ্ৰন্থমেলা খনত৷

শুকুৰবাৰে শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, জয়াৰত্ন বি দিশানায়ক, মাকাৰমৰ স্ৰষ্টা ড০ ৰীতা চৌধুৰীৰ উপস্থিতিত গুৱাহাটী গ্ৰন্থমেলা উদ্বোধন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ মুখ্যমন্ত্ৰীয়ে গ্ৰন্থমেলা উদ্বোধন কৰাৰ পিছতে বিশিষ্ট প্ৰসিদ্ধ গল্পকাৰ, ঔপন্যাসিক আৰু অনুবাদক  অতুলানন্দ গোস্বামীক সমগ্ৰ জীৱন কাম কৰাৰ স্বীকৃতি ৰূপে প্ৰদান কৰিব জীৱনজোৰা সাধনা বঁটা৷

২ লাখ টকা, প্ৰশস্তি পত্ৰ, স্মাৰক, গ্ৰন্থৰ টোপোলা সহ সাহিত্যিকগৰাকীক এই বঁটা প্ৰদান কৰিব মুখ্যমন্ত্ৰীয়ে৷ দিল্লী, হিমাচল প্ৰদেশ, পশ্চিম বংগ, বিহাৰ আৰু ঢাকা, কলকাতা, ৰাঁচী সহ ৭৫খন গ্ৰন্থ বিপণীয়ে গ্ৰন্থমেলাত অংশ গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে প্ৰকাশন পৰিষদে৷