নলবাৰীত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় মাণ্ডলিক যুৱমহোৎসৱৰ সফল সামৰণি

বৰনৰ্দ্দীঃ নলবাৰী চহৰৰ ঐতিহ্যমণ্ডিত মহেন্দ্ৰ নাৰায়ণ বালিকা মহাবিদ্যালয়ত ১৮ খন মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ অংশগ্ৰহণেৰে যোৱা বৃহস্পতিবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃ মহাবিদ্যালয় মাণ্ডলিক যুৱমহোৎসৱৰ সফল সামৰণি পৰে। 

যোৱা ২৬ মাৰ্চৰপৰা অনুষ্ঠিত হোৱা দক্ষিণ পশ্চিম মণ্ডলৰ অধীনৰ নলবাৰী, বৰপেটা,আৰু বাস্কা জিলাৰ ওঁঠৰখন মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। প্ৰথম দিনা গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ মৃদুল হাজৰিকাই উদ্বোধন কৰে। 

মহোৎসৱৰ বিভিন্ন কাৰ্যসূচীসমুহ নলবাৰী নাট্যমন্দিৰ আৰু এম এন চি মহাবিদ্যালয়ত অনুষ্ঠিত হয়। বৰগীত, শাস্ত্ৰীয় সংগীত, লোকগীত, বনগীত, ৰবীন্দ্ৰসংগীত, পৰম্পৰা গীত, জনজাতীয় গীত, বাদ্য, একাংকিকা নাট, অসমীয়া, ইংৰাজী, হিন্দী স্বৰচিত কবিতা আবৃতি, পোষ্টাৰ, কাৰ্টুন, ফটোগ্ৰাফী, মহাবিদ্যালশ্রয়ৰ আলোচনী প্ৰতিযোগিতা, কুইজ জোতি সংগীত, ৰাভা সংগীত, পাৰ্বতী প্ৰসাদৰ গীত, সুগম সংগীত, পাশ্চাত্য সংগীত কৌতুক, আদি শিক্ষাৰ্থী সকলে প্ৰদৰ্শন কৰে।