চিৰিয়াখানাৰ বৰ্ষীয়ান আবাসী ‘ৰাজা’ৰ মৃত্যু

গুৱাহাটীঃ অসম ৰাজ্যিক চিৰিয়াখানাৰ আটাইতকৈ বৰ্ষীয়ান আবাসীৰ মৃত্যুত শোকস্তব্ধ চিৰিয়াখানা পৰিয়াল৷ শনিবাৰে নিশা ৪৮ বছৰ বয়সত মৃত্যু হয় ‘ৰাজা’ নামৰ বৰ্ষীয়ান জলহস্তীটোৰ। 

১৯৭৪ চনত সুদূৰ আমেৰিকাৰপৰা অসম ৰাজ্যিক চিৰিয়াখানালৈ ৪ বছৰ বয়সতে অনা হৈছিল জলহস্তীটো। নাম ৰখা হৈছিল ‘ৰাজা’। 

বাৰ্ধক্যজনিত কাৰণত মৃত্যুবৰণ কৰা ৰাজাৰ অৱৰ্তমানত শোকত মৰ্মাহত চিৰিয়াখানাৰ কৰ্মকৰ্তাসকল।  ‘ৰাজা’ৰ মৃত্যুৰ পাছত চিৰিয়াখানাত থকা জলহস্তীৰ সংখ্যা চাৰিটালৈ হ্ৰাস পাইছে। 

উল্লেখযোগ্য যে, যোৱা বছৰ তদানীন্তন বনমন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই ‘ৰাজা’ৰ ৪৭ সংখ্যক জন্মদিন উদযাপন কৰিছিল। 

চিৰিয়াখানা কৰ্তৃপক্ষই এই মৃত্যু স্বাভাৱিক বুলি উল্লেখ কৰিছে৷