হাইলাকান্দিত বিধায়কৰ সন্মুখতে BDOক উভতি ধৰিলে কৰ্মচাৰীয়ে

হাইলাকান্দিঃ হাইলাকান্দি জিলাৰ হাইলাকান্দি উন্নয়ণ খণ্ডত যোৱা ২১ নৱেম্বৰত ভিলেজ মণিটৰিং সমিতিৰ এখন সভা অনুষ্ঠিত হৈ যায়৷ কাটলীচড়াৰ বিধায়ক সুজাম উদ্দিন লস্কৰ, খণ্ড উন্নয়ণ বিষয়া অঞ্জনা পাল সহ পঞ্চায়ত সভাপতি-সম্পাদক, গাঁও সদস্যৰ উপস্থিতিত ছমিৰ উদ্দিন মাজাৰভূঞাৰ সভাপতিত্বত অনুষ্ঠিত হয় সভাখন৷ সভাত কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰা হয়৷

কিন্তু সভা চলি থকাৰ মাজতে জিআৰএছ কম্পিউটাৰ সহায়ক সৈতে খণ্ড উন্নয়ণ বিষয়া অঞ্জনা পালৰ বাৰ যুদ্ধ আৰম্ভ হয়৷ বিধায়কৰ সন্মুখতে জিআৰএছ কম্পিউটাৰ সহায়কসকলে উন্নয়ণ বিষয়াই কাম-কাজত সহায় নকৰাৰ অভিযোগ উত্থাপন কৰে৷ এটা সময়ত পৰিস্থিত নিয়ন্ত্ৰণৰ বাহিৰত যোৱাত বিধায়কে সভাগৃহ ত্যাগ কৰে৷ বিধায়কে সভা এৰাৰ পিছতে অধিক উত্তপ্ত হৈ পৰে পৰিস্থিতি৷

উক্ত সময়তে কাৰিছৰা জিপিৰ সভাপতি আজিৰুদ্দিন আৰু বিএলএমভিচি গৌতম দত্তই পৰিস্থিতি নিয়ন্ত্ৰণ কৰি পুনৰাই সভা আৰম্ভ কৰে৷ বিয়লি প্ৰায় ৪.৩০ বজাত পুনৰ পৰিস্থিতি উত্তেজিত হৈ পৰে৷ উক্ত পৰিস্থিতিৰ মাজতে বিধায়ক সুজাম উদ্দিন লস্কৰে উন্নয়ণ খণ্ডৰ এগৰাকী কৰ্মচাৰী খোকন দাসক ধমক দিয়ে৷ এগৰাকী লোকৰ গাত সকলো দোষ জাপি দি মতভেদ সৃষ্টি কৰাতকৈ গাঁৱৰ জনসাধৰণৰ বাবে কাম কাজ কৰাবলৈ আহ্বান জনায় কোনো বিষয়া কৰ্মচাৰী দুৰ্নীতিত লিপ্ত থাকিলে ৰেহাই দিয়া নহ’ব বুলি কয়৷