গুৱাহাটী-দৌলাশাল পথত বাগৰি পৰিল ১৫০ বছৰীয়া বৰ গছ

newsnextone.com | গুৱাহাটীঃ দেওবাৰে গুৱাহাটী-দৌলাশাল পথত এডাল প্ৰকাণ্ড বৰগছ উঘালি পৰাত যাতায়াত ব্যাহত হৈ পৰে৷ জানিব পৰা মতে, হাজোৰ আদাবাৰীত দেওবাৰে দিনৰ প্ৰায় ১ বাজি ৩০ মিনিটত গছডাল নিজে নিজে উঘালি পৰে৷ প্ৰায় ১৫০ বছৰীয়া বৰ গছ উঘালি পৰাত যানজোঁটৰ সৃষ্টি হয়৷ আনহাতে শংকৰদেৱ শিশু নিকেতন নামৰ স্কুল খনৰো বিস্তৰ ক্ষতিসাধন কৰে গছডালে৷

উল্লেখ্য যে, শংকৰ দেৱ শিশু নিকেতনৰ কণ কণ ছাত্ৰ-ছাত্ৰীয়ে জিৰণি সময়ত গছডালৰ গুৰিলৈ আহিছিল৷ আনহাতে, ডেৰশ বছৰীয়া গছডালৰ তলত আয়তীয়ে নাম প্ৰসংগ কৰিছিল৷ কিন্তু ভাগ্য ভাল দেওবাৰে হোৱা হেতুকে বিদ্যালয় বন্ধ আছিল৷ এক ভয়ংকৰ বিপদত পৰাৰ পৰা ৰক্ষা পৰিল স্কুলৰ ছাত্ৰ-ছাত্ৰী তথা মহিলাসকল৷ অঞ্চলটোৰ উত্থান-পতনৰ সাক্ষী সদৃশ গছডাল বাগৰি পৰাত এক ইতিহাস নোহোৱা হোৱাৰ দৰে হ’ল বুলি ৰাইজে কব খোজে৷