
খেৰণিঃ আদালতে দোষী সাব্যস্ত কৰি শাস্তি প্ৰদান কৰাৰ পূৰ্বেই ৰাইজৰ আদালতত দোষী সাব্যস্ত হ’ল এগৰাকী লোক৷ ৰাইজে লোকগৰাকীয়ে ব্যৱসায় কৰি পৰিয়াল চলাই থকা ব্যৱসায় প্ৰতিষ্ঠানত অগ্নি সংযোগ কৰি ভস্মীভূত কৰে৷
পশ্চিম কাৰ্বি আংলং জিলাৰ সদৰ হামৰেণত বুধবাৰে নিশা একাংশ লোকে এখন ফাৰ্মাচিত অগ্নি সংযোগ কৰি সকলো সামগ্ৰী জ্বলাই দিয়াৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে৷ জানিব পৰা মতে, যোৱা ১৬ মাৰ্চত হামৰেণ টাউনত ফাৰ্মাচি দি ঔষধৰ ব্যৱসায় কৰি থকা প্ৰদীপ ৰয় নামৰ লোকজনে ড্ৰাগছ জাতীয় ঔষত হোজাইৰ পৰা হামৰেণ অভিমুখে এখন বাইকেৰে আনি থকা অৱস্থাত ধৰা পৰিছিল।
তাৰ পিছত আৰক্ষীয়ে প্ৰদীপ ৰয়ক আদালতত হাজিৰ কৰে৷ আদালতে ৰায়ক ন্যায়িক জিম্মাত প্ৰেৰণ কৰে। প্ৰদীপ ৰায়ক জামিনত মুকলি কৰি দিয়াত বুধবাৰৰ পৰা পুনৰ ফাৰ্মাচি খন খুলিবলৈ লয়। তেনে অৱস্থাত বুধবাৰে নিশা একাংশ লোকে আদালতে জামিনত মুকলি কৰি দিয়া লোকজনক শাস্তি প্ৰদান কৰে৷ প্ৰদীপ ৰয়ৰ ফাৰ্মাচি খন ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে ভিতৰৰ পৰা আচবাব আৰু ঔষধ উলিয়াই আনি অগ্নি সংযোগ কৰে৷
ৰাইজে ইমাণতে ক্ষান্ত নাথাকি হামৰেণ আৰক্ষী থানা ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। আৰক্ষীয়ে লাঠি চালনা কৰাৰ লগতে ৰবৰ বুলেট নিক্ষেপ কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লগা হয়। কেইবাগৰাকী প্রতিবাদকাৰী-আৰক্ষীৰ লোকো আহত হয়। যাৰ ফলত চেপা-উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ হামৰেণ চহৰত।