
শুক্লাইঃ পৰিবৰ্তনৰ নামত চৰকাৰ সলনি হয় যদিও ৰাইজৰ হে ভাগ্য হে সলনি নহয়৷ মন্ত্ৰী-বিধায়ক হৈ নিশাৰ ভিতৰতে জীৱন সলনি হয় যদিও জীৱন ধাৰণৰ মাণদণ্ড উন্নত নহয় সৰ্বসাধৰণৰ৷ গাড়ী-ঘৰ, টকা-পইচাৰে নদন-বদন হয় তেওলোক৷ কিন্তু দৰিদ্ৰ-শ্ৰমিকৰ অৱস্থা দিনক দিনে বেয়াৰ ফালে ঢাল খায়৷ মন্ত্ৰী-বিধায়ক হৈ চহৰত বৰ বৰ আট্টালিকাত ৰজাৰ দৰে থাকিবলৈ আৰম্ভ কৰে৷
যিয়ে নিৰ্বাচনৰ পুৰ্বে বৰ বৰ কথা কয় তেওলোকৰে ভাগ্য উদয় হয়৷ গাড়ী ঘোৰা চলাবলৈ ভাগ্য মুকলি হয়৷ তেনে লোকে কোটি টকীয়া গাড়ীত ঘুৰিবলৈ আৰম্ভ কৰে৷ তেনে লোকে নিজৰ জীৱনটোৰ পুৰ্বৰ কথা পাহৰি গৈ ৰাইজক দিয়া প্ৰতিশ্ৰুতি সমূহো পাহৰি যায়৷ ৰাইজে সমস্যাৰে ককবকাই থাকিব লগা হয় যদিও গুৰুত্ব আৰোপ নকৰে নেতা সকলে৷
তাৰ মাজতে বিটিএডিৰ ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ অন্তৰ্গত ডিমাকুছি-চিকাৰি বাংলাবাসীৰ এনে বহু প্ৰশ্নই মনত দোলা দিয়ে৷ স্বাধীনতাৰ ৭০টা বছৰ পাৰ হোৱাৰ পিছতো ডিমাকুছিৰ-চিকাৰি বাংলাবাসীয়ে দেখা নাই উন্নয়ণ৷ বছৰৰ পিছত বছৰ ধৰি অঞ্চলটোৰ লোকে৷ আজিও গাঁঠিৰ ধন ভাঙি শ্ৰম দান কৰি নিৰ্মাণ কৰি বাহৰ দলঙ নিৰ্মাণ কৰি আহ-যাহ কৰিব লগা হয় শ-শ লোকে।
কালা নৈৰ ওপৰত প্ৰতি বছৰে বাহৰ দলঙ নিৰ্মাণ কৰে যদিও বাৰিষা নৈৰ বাঢ়নি পানীয়ে উটুৱাই নিয়ে দলঙখন। ফলত গাঁওবাসীয়ে যমৰ যাতনা ভূগিব লগা হয়। অসম চৰকাৰ অথবা বিটিচি কৰ্তৃপক্ষই নৈখনৰ ওপৰত দলঙ নিৰ্মাণৰ বাবে আজিলৈকে নললে কোনো ব্যৱস্থা। বিভিন্ন সময়ত বিভিন্ন সভা-সমিতিয়ে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আদৰ্শ বিটিএডিৰ কথা কৈ আহিছে যদিও প্ৰকৃততে আদৰ্শ বিটিএডিৰ গ্ৰাম্যাঞ্চলৰ কিমান উন্নয়ন হৈছে ডিমাকুছি-চিকাৰি বাংলাবাসীৰ উন্নয়ণৰ পৰিবেশে উদঙাই দিয়ে৷