গোৰেশ্বৰত দল-সংগঠনেৰে হাগ্ৰামাৰ সভা, বড়ো বুদ্ধিজীৱীয়ে বিভেদৰ বীজ সিঁচিছে বিটিচিত

গোৰেশ্বৰঃ বিটিচিৰ কেবিনেটত যোৱা ১২ জানুৱাৰীত উত্থাপন কৰা জনজাতিৰ ভূমি অজনজাতিৰ নামত কাহানিও পঞ্জীয়ন কৰিব নোৱাৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল বিটিএডিৰ দল-সংগঠনে৷ তাৰ পাছতেই কিন্তু বিটিচি প্ৰশাসনৰ ভুল আছিল বুলি খোদ হাগ্ৰামা মহিলাৰীয়ে স্বীকাৰ কৰিব লগা হৈছিল৷  উত্তেজনাৰ শাম কাটিবলৈ বিটিএডিত সক্ৰিয় প্ৰতিবাদ সাব্যস্ত কৰা দল-সংগঠনৰ সৈতে খোদ হাগ্ৰামা মহিলাৰীয়ে বৈঠক অনুষ্ঠিত কৰি আহিছে৷ 

বিগত দুমাহ ধৰি বিটিএডিত ভূূমি নীতি সন্দৰ্ভত চলি থকা বিতৰ্কৰ ওৰ পেলাবলৈ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বাক্সা জিলাৰ গোৰেশ্বৰত বিভিন্ন দল-সংগঠনৰ নেতৃত্বৰ সৈতে এক আলোচনাত মিলিত হয় বৃহস্পতিবাৰে। গোৰশ্বৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত আলোচনা চক্ৰত অঞ্চলটোৰ কেইবাটাও দল-সংগঠনৰ নেতৃত্বই অংশ গ্ৰহণ কৰে৷ 

উল্লেখ্য যে, এই আন্দোলনত মূল নেতৃত্ব বহন কৰা কেইবাটাও সংগঠনে হাগ্ৰামাৰ সভাত উপস্থিত নাথাকে৷ বিটিএডিৰ বিভিন্ন অঞ্চলত মাটি কিনা বেচা কৰা সন্দৰ্ভত ৰাইজে ভোগ কৰি অহা অসুবিধাৰ নিজে বুজ ল'বলৈ দল-সংগঠনৰ সৈতে আলোচনাত নিজে মত বিনময় কৰিছে হাগ্ৰামা মহিলাৰীয়ে। 

সেই মৰ্মে নিজে পৰিচালনা কৰা সভাত হাগ্ৰামা মহিলাৰীয়ে দল-সংগঠনৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ লগতে এই বিতৰ্কৰ ওৰ পেলাবলৈ চেষ্টা অব্যাহত ৰাখিছে৷ বিটিচি প্ৰধানগৰাকীয়ে ২০০৩ চনত বিটিচি গঠনৰ পিছত এই এলেকাত মাটি কিনা বেচা কৰাৰ ক্ষেত্ৰত কোনে কি অসুবিধা ভোগ কৰিছে তাক তথ্য সহকাৰে দাঙি ধৰিবলৈ দল-সংগঠনসমূহক আহ্বান জনাই যদিও কাৰ্যত তথ্য দাঙি ধৰিবলৈ সক্ষম নহ'ল কোনো সংগঠনে। 

একাংশ সংগঠনে কোনো তথ্য নোহোৱাকৈ উপস্থিত থাকি কেৱল চকীত বহি সময় পাৰ কৰাহে দেখা যায়৷ বিটিএডিত অবড়োৱে ভূমিৰ অধিকাৰ হেৰাইছে বুলি চিঞৰি থকা একাংশ সংগঠনে হাগ্ৰামা মহিলাৰীৰ সন্মুখত একোকে কবলৈ সাহস নকিৰলে৷    

অৱশ্যে নাথ যোগী সন্মিলনীৰ অমৃত নাথ, গোৰ্খা ছাত্ৰ সন্থাৰ হোমলাল শৰ্মা আৰু গোৰেশ্বৰ আক্ৰাছুৰ সভাপতি শংকৰ ৰাজবংশী আৰু আছুৰ সমৰজ্যোতি বৰুৱাই মাটি কিনা বেচা সম্পৰ্কত অসুবিধা ভোগ কৰাৰ কথা উত্থাপন কৰে। কিন্তু সেয়াও তথ্য ভিত্তিক নাছিল৷ তেওঁলোকে অজনজাতি লোকৰ মানুহে মাটি কিনিবলৈ বা বেচিবলৈ বিটিচিৰ পৰা অনুমতি নোপোৱা বুলি উল্লেখ কৰে। 

বহু সময়ত অজনজাতি লোকৰ মাটি বাৰী সম্পৰ্কীয় ফাইল কোকৰাঝাৰত হেৰুৱা বুলিও অভিযোগ কৰে। এই অভিযোগ সমূহৰ পোনপটীয়া উত্তৰ দি বিটিচি প্ৰধান মহিলাৰীয়ে কয় যে যিহেতু বিটিচি এখন ষষ্ঠ অনুসূচীৰ অন্তৰ্গত পৰিষদহে সেয়েহে আমি নিজে কোনো নতুন আইন বনাব নোৱাৰো। বিটিচিয়ে কোনো নতুন  ভূমিনীতি গ্ৰহণ কৰা নাই, পূৰ্বৰ ষষ্ঠ অনুসূচীৰ যি ভূমি আইন আছিল সেয়াই আছে। 

কিন্তু বিটিচি গঠনৰ পিছত মাটি বাৰীৰ কিনা বেচাৰ বিষয়টো যিহেতু বিটিচি মুখ্য সচিবে চোৱা চিতা কৰে সেয়েহে বিষয়টোত কিছু অসুবিধাৰ সৃষ্টি হৈছে। কিন্তু অচিৰে জিলা উন্নয়ন বিষয়া (ডিডিঅ) নিযুক্তিৰ জৰিয়তে মাটি বাৰীৰ সকলো কাম কোকৰাঝাৰলৈ নোযোৱাকৈ জিলা সদৰতে সমাধান কৰিব পৰা যাব বুলি  বিটিচি প্ৰধানগৰাকীয়ে উল্লেখ কৰে। 

তেওঁ একাংশ অনাবড়ো নেতাই এই বিষয়টোক ৰাইজৰ মাজত বিকৃত ভাৱে উপস্থাপন কৰি ৰাজনৈতিক মুনাফা লভিবলৈ চেষ্টা কৰা বুলি অভিযোগ কৰে। লক্ষ্যণীয় ভাবে সভাত অবড়ো সুৰক্ষা সমিতিক আহ্বান জনোৱা হৈছিল যদিও অবড়ো সুৰক্ষা সমিতিৰ কোনো নেতা উপস্থিত নাথাকিল। আনহাতে ভূমি নীতিৰ যিহেতু কোনো সালসলনি হোৱা নাই সেয়েহে এই ক্ষেত্রত কোনো নোটিফিকেচনৰ প্ৰয়োজন নাই বুলি হাগ্ৰামা মহিলাৰীয়ে মন্তব্য কৰে।

বিটিচিত স্থায়ী বাসিন্দা সকলে মাটি কিনা বেচাৰ ক্ষেত্ৰত কোনো অসুবিধা নাই বুলি তেওঁ মন্তব্য কৰ। অৱশ্যে বিটিচিৰ বাহিৰৰ লোকে বিটিচিত মাটি কিনিব নোৱাৰা নিয়মটো অসম চৰকাৰৰ ষষ্ঠ অনুসূচীৰ ভূমি নীতি মতে চলি আছে। সাংসদ হীৰা শৰণীয়াক সমালোচনা কৰি হাগ্ৰামাই কয় যে বিটিচিত পঞ্চায়ত নিৰ্বাচন পতা আদি বিষয় তেওঁলোকে সদনত উল্লেখ কৰি বিল সংশোধন কৰি তেওঁলোকে কৰিব পাৰে যদিও তাত তেওঁলোক মৌন হৈ থাকে। 

আনহাতে জনকলাল বসুমতাৰী, ৰত্নেশ্বৰ বসুমতাৰী আদি বড়ো বুদ্ধিজীৱিৰ কথা বড়ো সমাজ আৰু তেওঁ নিজেও সমৰ্থন নকৰে বুলি কৈ তেওঁলোকে বিটিএডি অঞ্চলত বাস কৰা জাতি-জনগোষ্ঠীৰ মাজত বিভেদৰ বীজ সিঁচি আছে বুলি কয়। 

তামুলপুৰ জিলা ট্ৰাইবেল সংঘৰ সভাপতি ৰণ্ডীচৰণ বড়ো, এবিএমছুৰ নজৰুল ইছলাম, গৰিয়া মৰিয়া দেশী জনগোষ্ঠীয় পৰিষদৰ ফজলুল কৰিম হাজৰিকা, জ্যেষ্ঠ নাগৰিক সন্মিলনীৰ অবিনাশ ৰয়, বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ দয়াল সূত্ৰধৰ, কংগ্ৰেছৰ বীৰেণ কলিতা আৰু আদিবাসী ছাত্ৰ সন্থাৰ বিষয়ববীয়াই ভাষণ ৰাখে। সভাত সাংসদ বিশ্বজিৎ দৈমাৰী, ই এম মহেশ্বৰ বসুমতাৰী, গণেশ কছাৰী, বিধায়ক ইমানুৱেল মুছাহাৰী, বিটিচিৰ মুখ্য সচিব, অতিৰিক্ত সচিবৰ লগতে কেইবাজনো বিষয়া উপস্থিত থাকে।