বিজেপিৰ সহযোগী বিপিএফ সাজু পঞ্চায়ত নিৰ্বাচনৰ বাবে, ২৩ মাৰ্চত ওদালগুৰীত অনুষ্ঠিত হ’ব হাগ্ৰামাৰ দলৰ বৈঠক

কোকৰাঝাৰঃ ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক দল এতিয়া ব্যস্ত হৈ পৰিছে পঞ্চায়ত নিৰ্বাচনৰ ৰণকৌশল তৈয়াৰ কৰাত৷ পিছ পৰি থকা নাই শাসক-বিৰোধী কোনোৱে৷ তাৰ লগে লগে বিটিচিৰ শাসকীয় দল আৰু অসম চৰকাৰৰ সহযোগী দল বিপিএফে ৰণশিঙা বজাই মঙলবাৰে৷ পঞ্চায়ত নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে বিপিএফ ৰাজনৈতিক দল। পঞ্চায়ত নিৰ্বাচনক লৈ মিত্ৰ দল বহুধাবিভক্ত হোৱাৰ সময়তে আগন্তুক পঞ্চায়ত নিৰ্বাচনক লৈ ৰণনীতি সাজু কৰিছে বিপিএফ দলে।

মঙলবাৰে কোকৰাঝাৰত অনুষ্ঠিত হোৱা বিপিএফৰ পলিচি মেকিং সভাত হাগ্ৰামা মহিলাৰীয়ে পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত ৰণনীতি চুড়ান্ত কৰাৰ বাবে অহা ২৩ মাৰ্চত ওদালগুৰীত বিপিএফ দলৰ এখন বৈঠক অনুষ্ঠিত হ’ব বুলি সদৰি কৰে। মহিলাৰীৰ ভাষাত পঞ্চায়ত নিৰ্বাচনলৈ আৰু তিনিমাহো সময় নাই গতিকে আৰু ৰৈ থকাৰ সময় নাই, সেয়েহে অহা ৩০ মাৰ্চত বিপিএফে পঞ্চায়ত নিৰ্বাচন সম্পৰ্কত চুড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব। 

তদুপৰি বিটিচিৰ ৬ গৰাকী মনোনিত সদস্যৰ তালিকা চুড়ান্ত হোৱাৰ তথ্য সদৰী কৰি ইয়াৰে ৪ গৰাকী বিপিএফৰ আৰু আন দুগৰাকী বেলেগে দিয়া বুলি মন্তব্য কৰে। আগন্তুক লোকসভা নিৰ্বাচনত বিপিএফ দলে কোকৰাঝাৰ লোকসভা সমষ্টিত মিত্ৰ দলৰ সমৰ্থনত নিৰ্বাচন খেলিব বুলি মন্তব্যৰে বিজেপিৰ সভাপতি ৰঞ্জিত দত্তই বিভিন্ন সময়ত কৰা মন্তব্য সেয়া তেওঁৰ ব্যাক্তিগত নে দলীয় সেয়া ধৰিবলৈ কঠিন হৈ পৰিছে বুলি মত প্ৰকাশ কৰিছে মহিলাৰীয়ে। 

ভূমি নীতি সন্দৰ্ভত সংবিধান অনুসৰিয়ে নিয়ম বাহাল থাকিব বুলি সদৰী কৰি কাইলৈ বিটিএডিৰ সকলো ৰাজহ বিষয়াৰ সতে এক বৈঠক অনুষ্ঠিত হ’ব বুলি কয় হাগ্ৰামা মহিলাৰীয়ে। ইপিনে অহা এক এপ্ৰিলৰ পৰা বিভিন্ন সমস্যা সমাধাৰ্থে বিটিএডিত অভিভাৱক সভা অনুষ্ঠিত কৰা হ’ব বুলি সদৰি কৰে মহিলাৰীয়ে। 

ইয়াৰ পূৰ্বে হাগ্ৰামা মহিলাৰীয়ে কোকৰাঝাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে পূৰ্বে ঘোষণা কৰা দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল্য যোজনাৰ আধাৰত এখন কাৰিকৰী শিক্ষানুষ্ঠান আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷ উল্লেখ্য যে, বিটিএডিৰ কোকৰাঝাৰ চহৰৰ সমীপৰ খাৰগাঁৱত স্থাপন হ’বলগীয়া শিক্ষানুষ্ঠান খনৰ শুভ উদ্ধোধন কৰি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কয় যে, বৰ্তমানৰ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে শাসনত অহাৰ লগে লগেই তথ্যপ্ৰযুক্তি বিদ্যাৰ ক্ষেত্ৰত গুৰুত্ব দি আহিছে। 

পূৰ্বে ঘোষিত আঁচনি তথা দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল্য যোজনাৰ আধাৰত লোৱা তথ্যপ্ৰযুক্তি বিদ্যাৰ শিক্ষানুষ্ঠান স্থাপনৰ শুভাৰম্ভ কৰি সুখী হোৱা বুলি ব্যক্ত কৰে হাগ্ৰামা মহিলাৰীয়ে৷ নতুনকৈ স্থাপন হ’বলগীয়া শিক্ষানুষ্ঠানৰ জৰিয়তে বিটিএডি অঞ্চলৰ নিৱনুৱা সমস্যা সমাধান সম্ভৱ হ’ব বুলি কৈ উক্ত আঁচনি ৰূপায়ণ কৰা বাবে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে হাগ্ৰামা মহিলাৰীয়ে। 

ইপিনে উক্ত অনুষ্ঠানত নেচনেল স্কীল ডেভেলাপমেন্ট কৰ্পৰেচনৰ উত্তৰ পূৱ পৰিচালক দীপাংকৰ ৰয়ে সদৰী কৰা মতে ভাৰত চৰকাৰে গ্ৰহণ কৰা আঁচনিৰ আধাৰত স্থাপন কৰা শিক্ষানুষ্ঠান খনত দশম শ্ৰেণীৰ আৰম্ভ কৰি স্নাতক উত্তীৰ্ণ শিক্ষিত নিৱনুৱা যুৱক-যুৱতীসকলক বিনামূলীয়াকৈ কম্পিউটাৰ হাৰ্ডৱেৰ, কম্পিউটাৰ নেটৱৰ্কিং, তথ্যপ্ৰযুক্তি আৰু ইংৰাজী কথোপকথোনৰ লগতে পাৰদৰ্শিতা বিষয়ৰ ওপৰত সাত মহীয়াকৈ মুঠ তিনি বছৰৰ বাবে চাৰি শতাধিক নিৱনুৱা যুৱক-যুৱতী সকলক প্ৰশিক্ষণ দিয়া হ’ব। 

শিক্ষানুষ্ঠানত প্ৰশিক্ষণ লবলৈ অহা সকলো শিক্ষাৰ্থীয়ে বিনামূলীয়াকৈ থকা আৰু খোৱাৰ ব্যৱস্থা কৰাৰ লগতে তেওঁলোকৰ প্ৰশিক্ষণো সম্পূৰ্ণ বিনামূলীয়া হ’ব বুলি কৈ  শিক্ষানুষ্ঠানত প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষাৰ্থীসকলক কৰ্ম সংস্থাপন দিয়া হ’ব বুলিও সদৰী কৰিছে দীপাংকৰ ৰয়ে৷