
মুছলপুৰঃ বিজেপিৰ সৈতে লগলাগি হাগ্ৰামা মহিলাৰীয়ে ৰাজ্যত মিত্ৰ জোঁটৰ চৰকাৰ চলাই আছে যদিও সময়ে সময়ে হাগ্ৰামা মহিলাৰীয়ে বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মকো হৈ পৰাও দেখা যায়৷ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে এইবাৰ বিজেপিৰ বিৰুদ্ধে বিটিএডি-বিপিএফক ধ্বংস কৰিব বিচৰাৰ অভিযোগ উত্থাপন কৰিছে৷
এবছুৱে সুকীয়া ৰাজ্যৰ দাবীত যোৱা ৬০ ঘণ্টা ধৰি ঘাইপথ অৱৰোধ কৰি উত্তাল পৰিৱেশৰ সৃষ্টি কৰা থকাৰ সময়তে বিপিএফ প্ৰধান তথা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিজেপিৰ একাংশ নেতাৰ প্ৰৰোচনাতে এবছুৱে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি আহিছে বুলি বিস্ফোৰণ ঘটােৱাত ৰাজনৈতিক পৰিৱেশ গৰম হোৱাৰ আশংকা কৰা হৈছে৷
বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বাক্সা জিলাৰ সদৰ মুছলপুৰত বিশেষ কাৰ্যসূচীত অংশ লৈ বিজেপি আৰু এবছুৱে বিপিএফক ধংসৰ ষড়যন্ত্ৰ ৰচনা কৰা বুলি কৈ বিজেপিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে৷ কেন্দ্ৰ-ৰাজ্যৰ শাসকীয় দল বিজেপিৰ দুগৰাকী প্ৰভাৱশালী নেতাই এবছুৰে লগ লাগি বিপিএফক ধংসৰ যড়যন্ত্ৰ ৰচনা কৰা বুলি আশংকা ব্যক্ত কৰে হাগ্ৰামাই৷
ইমানে নহয় বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে বিজেপিৰ সহায়ত আৰু প্ৰশাসনৰ সহায়ত বিগত তিনিদিন ধৰি পৃথক বড়োলেণ্ডৰ দাবীত এবছুৱে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি থকাৰ অভিযোগ উত্থাপন কৰি প্ৰশাসনক নীৰৱে থকা বুলি কয়৷
হাগ্ৰামাই আৰু কয় ‘‘বিজেপিৰ দুজন নেতাৰ উচটনিত এবছুৱে পথ অৱৰোধ কৰিবলৈ সাহস পাইছে৷ আন সংগঠনে পথ অৱৰোধ কৰিলে প্ৰশাসনে লাঠিচাৰ্জ কৰে৷ বিজেপিয়ে এবছুৰ সৈতে লগলাগি বিপিএফক ধংস কৰাৰ যড়যন্ত্ৰত নামিছে৷ বিটিচিত বিজেপিয়ে বিপিএফৰ একো ক্ষতি কৰিব নোৱাৰে৷’’
উল্লেখ্য যে, পৃথক বড়োলেণ্ড ৰাজ্য গঠন, প্ৰস্তাৱিত বড়োলেণ্ড এলেকাৰ বাহিৰত বসবাস কৰা বড়োসকলৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰা, কাৰ্বি আংলঙত বসবাস কৰা বড়োসকলক পাৰ্বত্য জনজাতিৰ মৰ্যদা প্ৰদান কৰা আৰু পৃথক বড়োলেণ্ড সমস্যা সমাধান বাবে শীঘ্ৰেই ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ দাবীত ২ মে’ৰ পৰা এবছু, এনডিএফবি(প্ৰ) আৰু পিজেএচিবিএমে যৌথভাৱে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছে।
বিটিএডিৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কেবা সহস্ৰাধিক জনগণে হাতে হাতে বেনাৰ ফেষ্টুন প্লেকাৰ্ড লৈ কোকৰাঝাৰ কাৰিগাঁৱৰ ৩১নং (গ) ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি পৰিৱেশ উত্তাল কৰে৷ ২ তাৰিখত কোকৰাঝাৰৰ কাৰিগাঁওত , ৩ তাৰিখত চিৰাঙৰ কাজলগাঁৱত আৰু শুকুৰবাৰে বাক্সাৰ বৰমাত পথ অৱৰোধ কৰিছে।কেবা সহস্ৰাধিক জনতাই ঘাইপথত অৱস্থান গ্ৰহণ কৰাত যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে। পিকেটিংকাৰীসকলে ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থান গ্ৰহণ কৰি হাতে হাতে বেনাৰ ফেষ্টুন লৈ বিজেপি চৰকাৰ মুৰ্দাবাদ, অসম চৰকাৰ হায় হায়, বড়োলেণ্ড আমাাক লাগিবই আদি শ্ল’গানেৰে যোৱা ৬০ ঘণ্টা ধৰি ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱেশ উত্তাল কৰি ৰাখিছে।