হাগ্ৰামা নিমাত, নিমাত অগপ, কেতিয়া হ’ব অসম মন্ত্ৰী সভাৰ সম্প্ৰসাৰণ

কোকৰাঝাৰঃ কিছু দিন আগলৈ বিজেপিৰ সভাপতি আৰু বিপিএফৰ নেতাৰ মাজৰ বাক যুদ্ধ তুংগত উঠিছিল৷ বিশেষকৈ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে বিটিচি দখলৰ হুংকাৰ দিয়াৰ লগতে কোকৰাঝাৰ লোক সভা সমষ্টিত বিজেপিয়ে প্ৰাৰ্থী দিয়াৰ কথা কোৱাৰ পিছৰে পৰা হাগ্ৰামা মহিলাৰী আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ বাক যুদ্ধই চূড়ান্ত ৰূপ ধাৰণ কৰাৰ লগে লগে চৰ্চা হৈছিল মন্ত্ৰী সভা সম্প্ৰসাৰণৰ বিষয়টো৷ ৰাজনীতিৰ খবৰ ৰখা একাংশ লোকে বিপিএফে দুগৰাকী মন্ত্ৰীত্ব বিছাৰিব বুলি কোৱা-কুৱি কৰিছিল৷

হাগ্ৰামা মহিলাৰীয়ে সংবাদ মাধ্যমৰ লোকৰ সন্মুখত মন্তব্য প্ৰকাশ কৰিছিল মন্ত্ৰী সভা সম্প্ৰসাৰণ সন্দৰ্ভত৷ কিন্তু লাহে লাহে যেন এই বাক যুদ্ধই-মন্ত্ৰী সভা সম্প্ৰসাৰণৰ বিষয় ইমানতে সামৰণি পৰিল৷ শেহতীয়াকৈ মিত্ৰজোটৰ সংগী দল অগপ, বিপিএপে এই ক্ষেত্ৰত সম্পূৰ্ণ নিমাত৷ একাংশ অগপ-বিপিএফ নেতা সংবাদ মাধ্যমৰ পৰা দূৰে দূৰে থকা দেখা যায়৷

ৰাজ্য বৰ্তমানৰ মন্ত্ৰীসকলে ৪-৫টাকৈ বিভাগ চলাই থকাৰ লগতে উন্নয়নৰ গতি লেহেমিয়া হোৱা বুলি অভিযোগ উত্থাপন হৈছে৷ একো একোজন মন্ত্ৰীয়ে ৪-৫টা বিভাগ চম্ভালাটো সম্ভৱ নহয় বুলি চৰ্চা আৰম্ভ হৈছে৷ কিহৰ বাবে বাৰে বাৰে মন্ত্ৰী সভা গঠনৰ বাবে আগবাঢ়ি গৈ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে বাৰে বাৰে থমকি ৰব লগা হৈছে সেই কথা এতিয়ালৈ ৰাজহুৱা নাই৷ একাংশ নাৰাজ বিজেপিৰ বিধায়কে খোদ দলৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ প্ৰকাশ কৰিছিল৷ তথাপিও এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা নাছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷

একাংশ লোকে ধাৰণ কৰা মতে, দিল্লীৰ পৰা গ্ৰীন চিগনেল নিদিয়াৰ বাবে আৰু আৰ এছ এছে অনুমতি নিদিয়াৰ বাবে আজিলৈ খোদ মুখ্যমন্ত্ৰীয়ে কোনো সিদ্ধান্ত লব পৰা নাই৷ মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰিবলৈ গৈ বাৰে বাৰে থমকি ৰৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। বহু প্ৰতীক্ষিত মন্ত্ৰীসভা সম্প্ৰসাৰণক লৈ পূৰ্বতে বিপিএফ দলে ব্যাপক উৎসুকতা প্ৰকাশ কৰি বিপিএফ দলে দুজনকৈ মন্ত্ৰী দাবী কৰিছিল যদিও এতিয়া অনিশ্চিয়তাত থকা মন্ত্ৰীসভা সম্প্ৰসাৰণক লৈ বিপিএফ দলৰ সভাপতি তথা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়েওঁ মন্তব্য প্ৰকাশৰ পৰা বিৰত আছে।

পূৰ্বতে অতি উৎসাহেৰে মন্ত্ৰীত্ব আৰু মন্ত্ৰীসভা সম্প্ৰসাৰণক লৈ হাগ্ৰামা মহিলাৰীয়ে বক্তব্য প্ৰদান কৰিছিল যদিও বুধবাৰে সম্পূৰ্ণ বিপৰীত ছবি দেখা গল মন্ত্ৰীত্ব সম্পৰ্কে সোধা এক প্ৰশ্নত্তোৰত। বুধবাৰে কোকৰাঝাৰ জিলাৰ বিছমুৰী, চিম্বৰগাঁও আদিকে ধৰি বহু অঞ্চলত পঞ্চম ফাইনেন্সৰ অধীনত কেইবাটাওঁ আঁচনিৰ আধাৰশিলা স্থাপন কৰে৷

বিটিএডিৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ পদক্ষেপ হাতত লোৱা হাগ্ৰামা মহিলাৰীয়ে উন্নয়ন সন্দৰ্ভত বক্তব্য ৰাখে আৰু পঞ্চম ফাইনেন্সতত ৰাস্তা ঘাটৰ উন্নয়নক সৰ্বাধিক গুৰুত্ব দিয়া হ’ব বুলি মন্তব্য প্ৰকাশ কৰিছে যদিও মন্ত্ৰীসভা সম্প্ৰসাৰণক লৈ কোনো ধৰণৰ মন্তব্য ৰাখিবলৈ সন্মত নহল। প্ৰকৃততে আৰএছএছৰ লবীকেন্দ্ৰিক ৰাজনীতিয়ে মন্ত্ৰীসভা সম্প্ৰসাৰণত প্ৰভাৱ থকা বুলি গুণাগুথা অব্যাহত থকাৰ সময়তে হাগ্ৰামা মহিলাৰীয়ে মন্ত্ৰীসভা সম্প্ৰসাৰণক লৈ মন্তব্য প্ৰকাশ নকৰাৰ অন্তৰালত ৰহস্য লুকাই আছে বুলি ধাৰণা কৰা হৈছে।