কাৰ্বি পাহাৰৰ হাওৰাঘাটত বিহু উদযাপন সমিতিৰ সমন্বয় যাত্ৰা

newsnextone.com | হাওৰাঘাটঃ কাৰ্বি পাহাৰৰ হাওৰাঘাট মহকুমা বিহু উদযাপন সমিতিৰ উদ্যোগত শুকুৰবাৰৰ পৰা দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে হাওৰাঘাট শংকৰ মন্দিৰ প্ৰাংগনত অনুষ্ঠিত হৈছে বিহু সন্মিলন।

কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদৰ হাওৰাঘাট আঞ্চলিকৰ সহযোগত চতুৰ্থ বাৰ্ষিক ব'হাগী উৎসৱৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে উদযাপন সমিতিৰ সভাপতি ৰঞ্জন বৰগোঁহাইয়ে। 

স্মৃতি তৰ্পন, শ্বহীদ তৰ্পন, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ আৱক্ষ মূৰ্তিত মাল্যাৰ্পন আৰু গছপুলি ৰোপন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আনহাতে দিনৰ ১১ বজাত হাওৰাঘাটৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰ সমাহাৰ ঘটাই বাৰেৰহণীয়া সমন্বয় শোভাযাত্ৰা উলিয়াই। সমন্বয় শোভাযাত্ৰা হাওৰাঘাট নগৰৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়ত ৰাইজত আকৰ্ষণ কৰে। সমাজকৰ্মী তথা শিক্ষাবিদ ভৱেশ ৰাজবংশীয়ে এই বৰ্ণিল শোভাযাত্ৰা উদ্বোধন কৰি কয় যে এই সমন্বয় যাত্ৰাই সচা অৰ্থত অশান্তজৰ্জৰ অসমত এক শান্তিৰ বাৰ্তা প্ৰেৰণ কৰিব।