
জাজৰিঃ কৰ্মপ্ৰাণ হৰিনাৰায়ণ বৰুৱাক আজি ৰাজ্যজুৰি স্মৰণ কৰে গাঁওৰক্ষী বাহিনীৰ লোকসকলে৷ সদৌ অসম গাঁওৰক্ষী বাহিনীৰ প্ৰতিস্থাপক কৰ্মপ্ৰাণ হৰিনাৰায়ণ বৰুৱাৰ ৪৮ তম স্মৃতি দিৱস আজি গাঁওৰক্ষী বাহিনীৰ সমিতি সমূহে উলহ-মালহেৰে পালন কৰে৷
বিভিন্ন প্ৰন্তৰ লগতে নগাঁও জিলাৰ জাজৰিত পালন কৰা হয় কৰ্মপ্ৰাণ হৰিনাৰায়ণ বৰুৱাৰ ৪৮ তম স্মৃতি দিৱস৷ জাজৰি আৰক্ষী থানাৰ গাঁওৰক্ষী বাহিনীৰ স্থায়ী কাৰ্যালয়ত দিনজোৰা কাৰ্যসূচীৰেপালন কৰে কৰ্মপ্ৰাণ হৰিনাৰায়ণ বৰুৱাৰ স্মৃতি দিৱস।
পুৱা ১০ বজাত প্ৰয়াত বৰাৰ প্ৰতিচ্ছৱিত মাল্যৰ্পণ কৰে জাজৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰবীন ভূঞা, বাহিনীৰ সভাপতি যজ্ঞ বৰা আৰু চক্ৰ সংগঠক হিৰণ্য প্ৰসাদ কাকতিয়ে। শতাধিক লোকৰ উপস্থিতিত দিনৰ ১১ বজাপ পৰা অনুষ্ঠিত মুকলি সভাত ৰাহুল দেৱ বৰদলৈ, আৰফান আলি, ধিৰসিং পাটৰ, যজ্ঞ বৰা আদি উপস্থিত থাকে।