বিজেপিৰ মুখ্যমন্ত্ৰীয়ে ক’লে, মুকলি ঠাইত নহয়, ঈদগাহ বা মজজিদত পঢ়ক নামাজ

ডিজিটেল ডেস্কঃ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে হাৰিয়ানাত চলি থকা নামাজ বিবাদৰ বিষয়ে মন্তব্য কৰি কয় যে নামাজ ঈদগাহ বা মজজিদত হে পঢ়া উচিত৷ সাৰ্বজনিক ঠাইত নামাজ পঢ়া অনুচিত৷ 

মুখ্যমন্ত্ৰী খট্টৰে দেওবাৰে কয়, আইন আৰু শৃখংলা বৰ্তাই ৰখা আমাৰ কৰ্তব্য৷ কিন্তু আজিকালি মুকলি ভাৱে নামাজ পঢ়া কাৰ্য বৃদ্ধি পাইছে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ 

খট্টৰৰ এই মন্তব্য শুকুৰবাৰৰ গুৰুগ্ৰামত মুকলি নামাজ পঢ়া কাৰ্যক লৈ আছিল৷ উল্লেখ্য যে, শুকুৰবাৰে গুৰুগ্ৰামৰ ৫৩ নং চেক্টৰক মুছলমান সম্প্ৰদায়ে মুকলিকৈ নামাজ পঢ়া কাৰ্যৰ হিন্দু সংগঠনে বিৰোধ কৰিছিল৷ 

আনকি কেইটামান হিন্দু সংগঠনৰ সদস্যই নামাজ পঢ়ি থকা অৱস্থাতে কেইবাজনো মুছলমান সম্প্ৰদায়ৰ লোকক ভাবুকি প্ৰদান কৰিছিল৷ আৰক্ষীয় এই ঘটনাৰ অভিযোগত সিদিনাই ৬ গৰাকী লোকক আটক কৰিছিল৷ 

গুৰুগ্ৰাম আৰক্ষীয়ে জনোৱা মতে, নামাজ পঢ়া অঞ্চলত বৃহৎ পৰিমাণে আৰক্ষী মোতায়েন কৰা হৈছে৷ যাৰ বাবে কোনো অপ্ৰিয় ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা নাই৷ 

কিছুসংখ্যক হিন্দু সংগঠনে বিগত ২ সপ্তাহ ধৰি গুৰুগ্ৰামত নামাজ পঢ়া কাৰ্যত বাধা প্ৰদান কৰি আহিছে৷ কিছু সংখ্যক মুছলমান সম্প্ৰদায়ৰ লোকে নামাজ পঢ়াৰ অচিলা লৈ ভূমি অধিগ্ৰহণ কৰি থকা বুলি অভিযোগ উত্থাপন কৰিছে হিন্দু সংগঠনসমূহে৷