বিজ্ঞান শাখাত পঢ়িব খোজা হাতীচোঙৰ লোচনৰ সপোন আধৰুৱা হৈ ৰ’ল

newsnextone.com | নগাঁওঃ প্ৰৱল ইচ্ছা শক্তি, আত্মবিশ্বাস আৰু উচ্চাকাংক্ষা থাকিলে শিক্ষাৰ ক্ষেত্ৰত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ’ব নোৱাৰে৷ তাকেই পুনৰবাৰ প্ৰতিপন্ন কৰিলে নগাঁৱৰ হাতীচোঙৰ এগৰাকী মেধাবী ছাত্ৰ লোচন কৃষ্ণ বৰাই৷ শুকুৰবাৰে ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত লোচনে অসমীয়া বিষয়ত লেটাৰ মাৰ্কসহ ৬৭ শতাংশ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হয়৷ 

হাতীচোঙৰ বেজৰচুক নিবাসী ধন্তি বৰা আৰু পূৰ্ণিমা বৰাৰ কনিষ্ঠ সন্তান লোচনে বহু কষ্টৰ মাজেৰে পঢ়া-শুনা কৰি এনে সফলতা লাভ কৰিছে৷ কেউফালে কেৱল দৰিদ্ৰতাই আগুৰি থকা ঘৰখনত ভালদৰে খাবলৈ বা পিন্ধি নোপোৱাৰ বিপৰীতে প্ৰয়োজনীয় কিতাপ-পত্ৰও কিনিবলৈ নাছিল ধন৷ আনৰ পৰা কিতাপ বা নোট আদি খুজি আনিহে পৰীক্ষাত বহিছিল লোচনে৷ 

প্ৰায় পাঁচ বছৰ মানৰ পূৰ্বে পেৰালাইচিছ ৰোগত আক্ৰান্ত হৈ শয্যাশায়ী হোৱা পিতৃৰ সামৰ্থ্য নাছিল ঘৰখন চলোৱাৰ৷ সেয়ে মাতৃয়ে হাজিৰা কৰি কোনোমতে খোৱাৰ যোগাৰ কৰিবলগীয়াত পৰিছিল৷ তদুপৰি নগাঁৱতে চিভিল ইঞ্জিনিয়াৰিং পঢ়ি থকা লোচনৰ জ্যেষ্ঠ ভাতৃয়ে আৰ্থিক সংকটৰ মাজতো আনৰ ঘৰত টিউচন কৰি নিজৰ লগতে লোচনৰ বাবে পঢ়াৰ খৰছ যোগাৰ কৰিছিল৷ 

এনেদৰে আৰ্থিক দৈন্যতাই কোঙা কৰিলেও মনত সাহস গোটাই একগ্ৰতাৰে পঢ়া শুনা কৰি লোচনে সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ’লেও এতিয়া উচ্চ শিক্ষাৰ বাবে থমকি ৰ’বলৈ বাধ্য হৈছে৷ কাৰণ উচ্চ শিক্ষাৰ বাবে প্ৰয়োজন হ’ব ধনৰ৷ লোচনৰ মন বিজ্ঞান শাখাত পঢ়াৰ, কিন্তু আৰ্থিক দুৰৱস্থাৰ বাবেই সেই আশা মনৰ পৰা আতৰাই কলা শাখাতে পঢ়াৰ মন মেলিছে৷ 

মেধাৱী ছাত্ৰজনৰ এনে সাফল্যত অঞ্চলজুৰি ৰাইজ উৎসাহিত হৈ পৰিছে যদিও ৰোগীয়া পিতৃৰ হ’লে দুচকুত নিগৰিছে চকুপানী৷ সেয়ে ছাত্ৰজনৰ লগতে তেওঁৰ পিতৃ-মাতৃ আৰু জ্যেষ্ঠ ভাতৃৰ অনুৰুধ চৰকাৰ নাইবা কোনো হৃদয়বান লোকে যদি অলপ সহায়ৰ হাত আগবঢ়ায় তেন্তে তেওঁলোক পৰম কৃতাৰ্থ হ’ব৷