মিছামাৰীত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী পালন

মিছামাৰীঃ শোণিতপুৰৰ মিছামাৰীত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ষষ্ঠ মৃত্যু বাৰ্ষিকী পালন কৰা হয়। গৰুবন্ধা দৈনিক বজাৰ প্ৰাংগনত স্থানীয় ব্যৱসায়ীৰ সহযোগত কেন্দ্ৰীয় ভাবে সুধাকণ্ঠৰ মৃত্যু বাৰ্ষিকী উদযাপন কৰাৰ লগতে অঞ্চলটোৰ গৰুবন্ধা ৰাজ্যিক চিকিৎসালয়ৰ সমীপৰ কলেজ ৰ'ডত স্থানীয় ব্যৱসায়ী, নৱজ্যোতি বেচৰকাৰী সংস্থা, ৰামনাথ পুৰ গাঁৱৰ ৰাইজ, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে দেওবাৰে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক স্মৰণ কৰে।

সন্ধিয়া গৰুবন্ধা দৈনিক বজাৰ প্ৰাংগনত অনুষ্ঠিত কাৰ্যসূচীত মহান শিল্পী গৰাকীক স্মৰণ কৰি ভূপেন্দ্ৰ গীত-নৃত্য অনুষ্ঠিত হয়। মীৰা শইকীয়া ফুকনে সুধাকণ্ঠৰ প্ৰতিছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰাৰ পাছত আবেলি ভাগত নাম প্ৰসঙ্গ অনুষ্ঠিত হয়৷

সন্ধিয়া মিছামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ নৃপেন্দ্ৰ নাথ লহকৰে মূল কাৰ্যসূচী শুভাৰম্ভ কৰে৷ মঞ্চ উদ্বোধন কৰে অৱসৰ প্ৰাপ্ত অধ্যক্ষ গোপীনাথ শৰ্মাই। অনুষ্ঠানত মিছামাৰী চাৰুকলা মহাবিদ্যালয়ৰ শিক্ষক-ছাত্র-ছাত্ৰী সকলে ড০ ভূপেন হাজৰিকাৰ স্বৰচিত গীত-নৃত্য সহিতে প্ৰদৰ্শন কৰি ৰাইজক আমোদ দিয়ে।