
গৰৈমাৰিঃ দক্ষিণ কামৰূপৰ বকোৰ ছমৰীয়া শিক্ষা খণ্ডৰ অধীনস্থ ১নং মালিবাৰী পথাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকজনে ব্যাপক দুৰ্নীতি সংঘটিত কৰি অহাৰ পৰিপ্ৰেক্ষিতত জাঙুৰ খাই উঠিছে ছাত্ৰ-ছাত্ৰীৰ অবিভাৱক সকলৰ লগতে স্থানীয় ৰাইজ। উল্লেখ্য যে, প্ৰধান শিক্ষক আব্দুল মজিদে বিদ্যালয়ৰ মধ্যহ্ন ভোজন আৰু আন্তঃগাঁথনিৰ নামত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংগঠিত কৰি অহাৰ অভিযোগ উঠিছে৷
ৰাইজে অভিযোগ কৰা মতে, এইজন প্ৰধান শিক্ষকে বিগত প্ৰায় দুই বছৰ ধৰি বিদ্যালয়ৰ নামত আৱন্টিত মধ্যাহ্ন ভোজনৰ চাউল পৰিচালনা সমিতিৰ অজ্ঞাতে হৰলুকি কৰি নিজ গৃহত মজুত কৰি ৰাখিছে৷ মধ্যাহ্ন ভোজনৰ তালিকাত থকা নিৰ্দেশনা অনুসৰি ছাত্ৰ-ছাত্ৰীক আহাৰ নুখোওৱাৰ অভিযোগ কৰে ছাত্ৰ-ছাত্ৰীসকলে৷ বিগত প্ৰায় তিনি বছৰ ধৰি বিদ্যালয়ৰ হিচাপ নিকাচ ৰাজহুৱা নকৰাৰ উপৰি ধুৰন্ধৰ প্ৰধান শিক্ষক আব্দুল মজিদে পৰিচালনা সমিতিৰ সভাপতি আব্দুল কাদেৰৰ চহী জাল কৰি দীৰ্ঘ দিন ধৰি বিদ্যালয়ৰ নামত অহা চাউল, টকা আদি উঠাই গো গ্ৰাসে গিলি খোৱাৰ অভিযোগ তুলিছে ৰাইজে৷
বিদ্যালয়ত চৰকাৰে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰি দিয়াৰ পিছতো ছাত্ৰ-ছাত্ৰীক বিশুদ্ধ পানী খোৱাৰ ব্যৱস্থা কৰি দিয়া নাই প্ৰধান শিক্ষক গৰাকীয়ে৷ প্ৰধান শিক্ষকজনে প্ৰত্যেক দিনা ১১ বজাত বিদ্যালয়ত আহি ছাত্ৰ-ছাত্ৰীক পাঠ দান নকৰি বাৰান্ধাত বহি থাকি ১২ বজাত স্কুল ছুটী দিয়ে৷
ইফালে বিদ্যালয়খনৰ প্ৰধান শিক্ষকজনে নাজানে ভাৰতৰ ৰাষ্ট্ৰপতিৰ নাম অথৱা শুদ্ধকৈ কব নোৱাৰে ৰাজ্যৰ শিক্ষা মন্ত্ৰী গৰাকীৰ নাম৷ এনে এজন শিক্ষকে বিদ্যালয়ৰ চাত্ৰ-ছাত্ৰীক কি শিক্ষৗা দিব তাক লৈ প্ৰশ্ন তুলিছে স্থানীয় ৰাইজ আৰু অভিভাৱক সকলে৷
আনহাতে এইজন শিক্ষকৰ বিৰুদ্ধে শিক্ষা বিষয়াক অৱগত কৰাৰ পিছতো ৰহস্যজনক ভাৱে শিক্ষা বিষয়াই নিৰ্লিপ্ত ভুমিকা পালন কৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে৷ অকৰ্মণ্য শিক্ষক আব্দুল মজিদৰ বিৰুদ্ধে শিক্ষা মন্ত্ৰীক এক চৰজমীন তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে৷