
গুৱাহাটীঃ HealthDNA আৰু NEROSEDৰ উদ্যোগত নগাঁও জিলাৰ কামপুৰত অহা ২৩ নৱেম্বৰত এটা স্বাস্থ্য সজাগতা কেম্প অনুষ্ঠিত হ’ব ৷
সমগ্ৰ দেশৰ এক জনপ্ৰিয় ব্ৰেণ্ড নাৰায়ণা ছুপাৰস্পেছিয়েলিটী হাস্পতালে ইয়াত অংশগ্ৰহণ কৰিব৷ উল্লেখ্য যে HealthDNAই চলিত মাহটোক মধুমেহ সজাগতা মাহ হিচাপে ঘোষণা কৰি সমগ্ৰ মাহটোতে ৰাজ্যৰ ভিন্ন প্ৰান্তত এই ৰোগৰ ভয়াৱহতা সম্পৰ্কে সজাগতা সৃ্ষ্টিত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে ৷
HealthDNAৰ ৰুমী বৰাই কয় যে ’চলিত মাহটোত আমি মধুমেহ ৰোগৰ সজাগতাৰ বাবে যথেষ্ট কাৰ্যপন্থা গ্ৰহণ কৰিছোঁ ৷ দেশৰ বিশেষজ্ঞ চিকিৎসকৰ জৰিয়তে লাইভ ছেছন দিয়া হয় আৰু জনসাধাৰণক উপকৃত কৰাৰ চেষ্টা অব্যাহত ৰাখিছোঁ ৷’