মানুহ হেৰায় যোৱা নাই মানুহৰ মাজৰ পৰা

প্ৰতিকী ফটো,উৎস ইন্টাৰনেট
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

ধুবুৰীঃ ‘‘মানুহে মানুহৰ বাবে/যদিহে অকনো নাভাবে/অকণি সহানুভূতিৰে/ভাবিব কোনেনো কোৱা৷ ভূপেন দাৰ এই চিৰসেউজ গানে উদঙাই মানুহৰ প্ৰকৃতি৷ কংক্ৰিতৰ কোলাহলত মানুুহৰ মনবোৰ ব্যস্ত হৈ পৰিলেও যেন হেৰায় যোৱা নাই মানুহৰ মনৰ অনুভূতি৷ এতিয়াও মানুহৰ দুখত কন্দা মানুহ আছে৷ এতিয়াও মানুহৰ বাবে জীয়াই থকা মানুহ আছে৷

তাৰেই এক সুন্দৰ নিদৰ্শন দাঙি ধৰিলে এটা হোৱাটচআপ গ্ৰুপে৷ তেজপুৰৰ এগৰাকী সাধাৰণ টেট শিক্ষয়িত্ৰিৰ তিনিমহীয়া সন্তান স্নিগ্ধা ভূঞা এক জটিল ৰোগত আক্ৰান্ত৷ সাধাৰণ টেট শিক্ষয়িত্ৰি মধুস্মিতা শইকীয়া ভূঞাই নিজৰ মৰমলগা কেচুৱাটিক আৰোগ্য কৰি তোলাৰ বাবে আপ্ৰাণ চেষ্টা চলাই গৈছে৷

কিন্তু আৰ্থিক ভাবে দুৰ্বল মধুস্মিতাই কেচুৱাটিৰ চিকিৎসাৰ বাবে ডাক্তৰে ধৰি দিয়া ২০ লাখ যোগাৰ কৰিবলৈ অপৰাগ৷ চৰকাৰৰ পৰা কোনো সহাঁৰি লাভ নকৰাত তেওঁ দেৱশিশুটিৰ আৰোগ্যৰ স্বাৰ্থত ছচিয়েল মিডিয়া আৰু ইলেক্ট্ৰনিক মাধ্যম যোগে ৰাইজৰ সহায় বিচাৰিছিল৷ আৰু তাৰ পাছতেই দেৱশিশুটিক জীৱন দিবলৈ ধুবুৰীৰ TEACHER FRIENDS নামৰ এটা WhatsApp group ৰ শিক্ষকসকলে ততাতৈয়াকৈ তেখেতসকলৰ ফালৰ পৰা ১৯৩৫০ টকা আজি শিক্ষয়িত্ৰী গৰাকীৰ একাউন্টলৈ পঠায়।

উল্লেখ্য যে, এই গ্ৰুপটোৱে অলপতে হৈ যোৱা মহাপ্ৰলয়ংকাৰী বানপানীত তিনিশ পৰিয়ালৰ মাজত কিছু খাদ্যসামগ্ৰী আৰু পৰ্য্যাপ্ত খোৱাপানীৰ যোগান ধৰিছিল। গ্ৰুপটোত আগভাগ লোৱা ৰুমী ঠাকুৰীয়া, জুলেখা খাতুন, মান্টি দে, গ্ৰুপৰ বাকী সদস্য আৰু সকলো শুভাকাঙ্খীক শিক্ষয়িত্ৰী মধুস্মিতা শ‌ইকীয়া ভূঞাই কৃতজ্ঞতা প্ৰকাশ কৰিছে৷