আজমল ফাউণ্ডেশ্যনৰ সহায়ত চিকিৎসক হ’ব শাক-পাচলি বিক্ৰেতাৰ পুত্ৰ

মোৰাঝাৰঃ চিকিৎসক হ’ব কোকৰাঝাৰ জিলাৰ বোমোৰাবিলৰ শাক-পাচলি ব্যৱসায়ী মহেন্দ্ৰ পণ্ডিতৰ পুত্ৰ ৷ আৰ্থিক দৈন্যতাৰ বাবে সোণালী ভৱিষ্যত আধাতে সামৰিব খোজা মহেন্দ্ৰ পণ্ডিতৰ পুত্ৰ নিৰজ পণ্ডিতক সহায় কৰিব এটি স্বেচ্ছাসেৱী অনুষ্ঠানে৷

ডিব্ৰুগড় মেডিকেল কলেজত এম বি বি এছত নামভৰ্তি কৰাৰ সুবিধা পায়ো টকাৰ অভাৱত থমকি ৰ'বলগীয়াত পৰিছিল শাক-পাচলি ব্যৱসায়ীৰ পুত্ৰ নিৰজে। অৱশেষত দৰিদ্ৰ পৰিয়ালটোৰ সন্তান নিৰজৰ কাষত থিয় দিলে স্বেচ্ছাসেৱী অনুষ্ঠান আজমল ফাউণ্ডেশ্যনে৷

দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ নিৰজ পণ্ডিতে ডিব্ৰুগড় মেডিকেল কলেজত নাম ভৰ্তিৰ বাবে স্থান লাভ কৰে যদিও টকাৰ অভাৱত পিতৃ দোমোজাত পৰে৷ নিৰজ পণ্ডিত নামৰ ছাত্ৰ গৰাকীৰ পিতৃ আৰ্থিক দিশত দুৰ্বল হোৱাৰ বাবেই পুত্ৰক নাম ভৰ্তি কৰাবলৈ অনিচ্ছা প্ৰকাশ কৰে।

মেধাৱী ছাত্ৰগৰাকীয়ে আৰ্থিক দুৰ্বলতাৰ বাবে নাম ভৰ্তিৰ পৰা বঞ্চিত হোৱাৰ উপক্ৰম ঘটাৰ কথা জানিব পাৰি হোজাইৰ আজমল ফাউণ্ডেশ্যন নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে ছাত্ৰগৰাকীক সকলো প্ৰকাৰৰ সহায় কৰিবলৈ আগবাঢ়ি আহে।

স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ প্ৰৱন্ধক খছৰুল ইছলাম, সহঃ প্ৰৱন্ধক ডঃ এম আৰ এইচ আজাদ, গাণনিক একে এ এম নুমান, জন সম্পৰ্কৰক্ষী বিষয়া কমৰুল হক, জ্যেষ্ঠ সাংবাদিক অঞ্জন পাল, বাচিত আলম চৌধুৰীৰ উপস্থিতিত হোজাইস্থিত আজমল ফাউণ্ডেশ্যনৰ মুখ্য কাৰ্যালয়ত ছাত্ৰ গৰাকীক নাম ভৰ্তিৰ বাবে এককালীন ১৫ হেজাৰ টকাৰ আৰ্থিক সাহায্য আগবঢ়ায়।

লগতে অনাগত দিনতো নিৰজক সহায় কৰি যোৱাৰ প্ৰতিশ্ৰতি দিয়ে। উল্লেখ্য যে, হোজাইৰ আজমল কলেজৰ পৰা বিগত বৰ্ষত উচ্চতৰ মাধ্যমিকত ৮২.২ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা নিৰজ পণ্ডিত কোকৰাঝাৰ জিলাৰ বোমোৰাবিল গাঁৱৰ বাসিন্দা।