
newsnextone.com | নগাঁওঃ কান্ধুলীমাৰী৷ নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ এখন গাঁও৷ সৌ সিদিনালৈকে একেবাৰে অখ্যাত সকলো দিশতে পিছপৰা এই গাঁওখনৰ নাম এতিয়া সকলোৰে মুখে মুখে৷ সকলোৰে দৃষ্টি এই গাঁওখনৰ প্ৰতি৷ সাধাৰণ জনতাৰ পৰা ভি আই পিলৈকে সৰ্বস্তৰৰ লোকৰ সোঁত বৈছে এই কান্ধুলীমাৰীলৈ।
এইদৰে গাঁওখন হঠাতে বিখ্যাত হৈ পৰাৰ মূল কাৰণ হৈছে এগৰাকী ১৯ বছৰীয়া যুৱতী। যি গৰাকী যুৱতীয়ে গাঁওখনলৈ অকলেই আনিছে এনে পৰিৱৰ্তন৷ সম্প্ৰতি সকলোৰে মাজত বেছ চৰ্চিত হৈ পৰা এই যুৱতীগৰাকী হৈছে হিমা দাস৷ সম্পূৰ্ণ একাগ্ৰতা, কঠোৰ পৰিশ্ৰম আৰু তীব্ৰ সংগ্ৰামৰ বলত নিজকে এগৰাকী সফল এথলেটিক হিচাপে গঢ়ি তুলিবলৈ সমৰ্থ হোৱা হিমা এতিয়া সকলোৰে চিনাকী নাম৷
ইটোৰ পিছত সিটো সফলতাৰে এথলেটিকছ জগতত জিলিকি উঠা অসমৰ দৌৰৰ ৰাণী হিমাই শেহতীয়াকৈ ফিনলেণ্ডৰ টেম্পাৰেট অনুষ্ঠিত হোৱা অনূৰ্ধ্ব ২০ বিশ্ব আই এ এ এফ চেম্পিয়নশ্বিপত স্বৰ্ণ জয়েৰে নতুন ইতিহাস ৰচনা কৰাৰে পৰা হিমাৰ জন্মভূমি নগাঁও জিলাৰ কান্ধুলীমাৰী হৈ পৰিছে সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু৷
হিমাই বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত সোণৰ পদক আজুৰি অনাৰ খবৰ সৰ্বত্ৰে বিয়পি পৰাৰ লগে লগে হিমাৰ কান্ধুলীমাৰীৰ বাসগৃহ অগণন শুভাকাংক্ষীৰে ভৰি পৰে। জন্মভূমিৰ চৌপাশে আনন্দৰ ঢল বোৱাৰ লগতে উৎসাহী গাঁওবাসীয়ে নাচি-বাগি, ফটকা ফুটাই আনন্দ-স্ফুৰ্তিত আত্মহাৰা হৈ পৰে৷ আনকি হিমাৰ সাফল্যত অতিকে উৎসাহী হৈ পৰা গাঁওবাসীয়ে শুকুৰবাৰে নিশা হিমাৰ ঘৰত ভোজ-ভাত খাই উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি কৰাৰ লগতে পিতৃ-মাতৃক অভিনন্দন জনায়৷
অনৰূপ এনে পৰিবেশ আজিও বিৰাজমান হোৱা দেখা যায় আন্তঃৰাষ্ট্ৰীয় দৌৰবিদ হিমাৰ বাসগৃহ তথা জন্মভূমি কান্ধুলীমাৰীত৷ কিয়নো, সাধাৰণ জনতা, শুভাকাংক্ষীৰ পৰা ৰাজনৈতিক নেতা-পালিনেতা, বিভিন্ন দল-সংগঠনৰ নেতা-কৰ্মীৰে পুৱাৰে সোঁত বয় হিমাৰ ঘৰলৈ৷
ফলস্বৰূপে বিশ্ব দৰবাৰত জিলিকি উঠা হিমাৰ বাসগৃহ হৈ পৰে উদুলি-মুদুলি৷ সকলোৱে এথলেটিকগৰাকীৰ পিতৃ-মাতৃক শুভেচ্ছা জনোৱাৰ লগতে হিমাৰ মংগল কামনাৰে বাসগৃহত ভিৰৰ সৃষ্টি কৰে৷ ইয়াৰ মাজতে অসম অলিম্পিক সন্থা আৰু অসম এথলেটিকছ সংস্থাৰ এটি সজাতি দল হেমাৰ ঘৰত উপস্থিত হৈ প্ৰতেকেই ২ লাখকৈ টকা প্ৰদান কৰাৰ লগতে অসম অলিম্পিক সন্থাৰ সভাপতি তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে দুৰন্ত হিমাৰ পিতৃ-মাতৃক ফুলাম গামোচা আৰু জাপিৰে সম্বৰ্ধনা জনাই৷ তদুপৰি হিমা দাসক সন্থাৰ আজীৱন সদস্যা হিচাপে ঘোষণা কৰে৷ ইয়াৰ পিছতে প্ৰাক্তন মন্ত্ৰী গৌতম বৰা, বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনকে প্ৰমুখ্য কৰি কেইবাটাও ক্ৰীড়া সংগঠনৰ বিষয়-ববীয়া উপস্থিত হৈ ইতিহাস সৃষ্টিকাৰী দৌৰবিদগৰাকীৰ পিতৃ-মাতৃক শুভেচ্ছা জ্ঞাপন কৰে৷