স্বৰ্ণৰাণীৰ বাসগৃহলৈ আহিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ

newsnextone.com | নগাঁওঃ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত সোণৰ পদক আজুৰি আনি অসম-ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনা নগাঁও জিলাৰ ধিঙৰ কান্ধুলীমাৰীৰ হিমা দাসৰ বাসগৃহত অগণন শুভাকাংক্ষীৰে ভৰি পৰিছে প্ৰতিটো দিন৷ কান্ধুলীমাৰীৰ চৌপাশে আনন্দৰ ঢল বোৱাৰ লগতে উৎসাহী গাঁওবাসীয়ে নাচি-বাগি, ফটকা ফুটাই আনন্দ-স্ফুৰ্তি কৰি আত্মহাৰা হৈ পৰিছে৷ 

এনে পৰিবেশ বিৰাজমান হৈ থকা আন্তঃৰাষ্ট্ৰীয় দৌৰবিদ হিমাৰ বাসগৃহ তথা জন্মভূমি কান্ধুলীমাৰীত সাধাৰণ জনতা, শুভাকাংক্ষীৰ পৰা ৰাজনৈতিক নেতা-পালিনেতা, বিভিন্ন দল-সংগঠনৰ নেতা-কৰ্মীৰ সোঁত বৈছে৷

তাৰ মাজতে অসম কন্যা হিমা দাসৰ পিতৃ-মাতৃক শুভেচ্ছা যাচিবলৈ হিমাৰ বাসগৃহত উপস্থিত হ’ল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়ধীশ মনোজিত ভূঞা আৰু নগাঁও আদালতৰ মুখ্য ন্যায়িক দণ্ডাধীশে হিমাৰ বাসগৃহত উপস্থিত হৈ পিতৃ মাতৃক অভিনন্দন যাচে। ন্যায়ধীশ দুয়োগৰাকীয়ে হিমাৰ পৰিয়ালৰ অৱস্থা প্ৰত্যক্ষ কৰি আবেগিক হৈ পৰে।