কান্ধুলীমাৰীত আনন্দৰ জোৱাৰ, আবাল-বৃদ্ধ, বনিতাৰ নৃত্য

newsnextone.com | নগাঁওঃ অনূৰ্ধ্ব ২০ বিশ্ব মিটত স্বৰ্ণ জয় কৰি নতুন ইতিহাস ৰচনা কৰিলে অসম কন্যা হিমা দাসে। যিটো ইতিহাস হিমাৰ পূৰ্বে কোনেও গঢ়া নাছিল৷ মধ্য অসমৰ নগাঁৱৰ কন্যা হিমাৰ পূৰ্বে দেশৰ কোনে এথলিট তথা কোনো ভাৰতীয় খেলুৱৈ ট্ৰেক অন ফিল্ডত সোণৰ পদক আহৰণ কৰিবলৈ সক্ষম হোৱা নাছিল৷ বৃহস্পতিবাৰে ফিনলেণ্ডৰ টেমপাৰেত অনুষ্ঠিত অনূৰ্ধ্ব-২০ আই এ এ এফ ছেম্পিয়নশ্বিপৰ ৪০০ মিটাৰত হিমাই ৫১.৪৬ ছেকেণ্ডত সমাপ্ত কৰি এই ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয় অসমৰ দৌৰৰ ৰাণী হিমা দাসে৷ 

ইয়াৰ পূৰ্বে জুনিয়ৰ বিশ্বকাপত সোণৰ পদক লাভ কৰিছিল নীৰাজ চোপৰাই৷ অৱশ্যে সেয়া সফলতা আহিছিল জেভলিন থ্ৰত৷ ইয়াৰ বিপৰীতে ব্ৰঞ্জ জয় কৰিছিল সীমা পুনিয়া আৰু নৱজ্যোৎ সিঙে৷ কিন্তু ট্ৰেক ইভেণ্টত ভাৰতৰ কোনো এগৰাকী খেলুৱৈয়ে সুদীৰ্ঘ কাল ধৰি হিমাৰ দৰে সফলতা কঢ়িয়াবলৈ সক্ষম হোৱা নাছিল৷ এয়াই প্ৰথম সোণৰ পদক আজুৰি আনিলে হিমাই আৰু ৰছনা কৰিলে এক ইতিহাস৷ 

যাৰ ফলশ্ৰুতিত দৌৰৰ ৪০০ মিটাৰত দেশৰ ১ নং খেলুৱৈ হৈ পৰিল হিমা৷ ১৯ বছৰীয়া অসম কন্যা হিমাই প্ৰশিক্ষক নিপন দাসৰ চেষ্টাত এই সফলতা লাভ কৰিবলৈ সক্ষম হয়৷ আনকি ভাৰতীয় এথলিটৰ নতুন তাৰকা হিমাই যে স্বৰ্ণ লাভ কৰিব সেই কথা কোনেও ভাবিব পৰা নাছিল৷ এতিয়া সেয়ে সকলোয়ে বাট চাই ৰৈছে এছিয়ান গেমছলৈ৷ য’ত নেকি হিমাই দেখুৱাব নিজৰ যাদু৷ 

উল্লেখ্য, নগাঁও জিলাৰ অতি পিছ পৰা ধিঙৰ সমীপৰ কান্ধুলীমাৰী গাঁৱৰ ৰঞ্জিত দাস আৰু জোনালী দাসৰ কন্যা হিমা দাস৷ এটি দৰিদ্ৰ পৰিয়ালৰ সন্তান হিমা। সৰ্বদিশতে পিছপৰা কান্ধুলীমাৰী গাঁৱত খেলৰ পৰিৱেশ নাথাকিলেও হিমাই নিজৰএকাগ্ৰতা, কঠোৰ পৰিশ্ৰম আৰু তীব্ৰ সংগ্ৰামৰ জৰিয়তে উজলি উঠি দেশ আৰু অসমীয়া জাতিক গৌৰাৱান্বিত কৰিছে৷ 

হিমাৰ পিতৃ ৰঞ্জিত দাসে নিজ কন্যাই দেশৰ বাবে সোণৰ মেডেল অনাৰ বাবে গৌৰৱ প্ৰকাশ কৰে। তাই অধিক কষ্ট কৰা ছোৱীলা বুলি কয় পিতৃয়ে।

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ গ্ৰাম্য এলেকাৰ এগৰাকী জীয়ৰীয়ে এটাৰ পিছত এটা সফলতা কঢ়িয়াই আনি সকলো সীমা ইতিমধ্যে অতিক্ৰম কৰিছে৷ আকাশ চুবৰ মন তথা হাবিয়াস বুকুত সাৱটি লৈ ফুৰা দৌৰৰ ৰাণী হিমাৰ হয়তো আকাশ চুবৰ বাবে বেছি দূৰ নাই৷ কিয়নো, ইতিমধ্যে ধাৰাবাহিক দুৰ্দান্ত প্ৰদৰ্শনৰ সুবাদত এছিয়ান গেমছৰ বাবে যোগ্যতা অৰ্জন কৰিছে হিমাই৷ 

মাত্ৰ কিছুদিনৰ পিছতেই জাকাৰ্টাত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেছত হিমাই বিশ্বৰ আন খেলুৱৈৰ লগত সমুখ সমৰত অৱতীৰ্ণ হ’ব ৷ ইয়াৰ পূৰ্বে হিমাই নিৰ্বাচিত হৈছিল কমনৱেলথ গেমচলৈ। ইতিমধ্যে অষ্ট্ৰেলিয়াত অনুষ্ঠিত হৈ যোৱা কমনৱেলথ গেমচত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল হিমাই৷ আন্তঃৰাষ্ট্ৰীয় দৌৰবিদ হিমাই ৪০০ মিটাৰ দৌৰ প্ৰতিযোগিতাৰ বাব নিৰ্বাচিত হৈছিল আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এথলেটিকছত অংশ লোৱাৰ সুযোগ লাভ কৰি স্প্ৰীণ্টাৰ হিমাই অষ্ট্ৰেলিয়াত অনুষ্ঠিত কমনৱেলথ গেমচত ৪০০ মিটাৰ দৌৰত ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল৷ 

যাক লৈ অসমৰ সৰ্বতে আনন্দৰ ঢল বৈছিল৷ বিশেষকৈ নগাঁও জিলাৰ কান্ধুলীমাৰী গাঁৱৰ লোকসকল আনন্দত আত্মহাৰা হৈ পৰিছিল হিমাৰ এনে সফলতাত৷ ইতিমধ্যে খেলুৱৈ হিমা দাসে নতুন ইতিহাস ৰছি বিশ্ব এথলেটিকছত স্বৰ্ণ জয় কৰাৰ বাতৰিয়ে সমগ্ৰ নগাঁও জিলাৰ লগতে জন্মভূমি কান্ধুলীমাৰীত আনন্দৰ ঢল বোৱাইছে৷ জন্মভূমিৰ বহু উৎসাহী লোকে নাচি-বাগি আনন্দত আত্মহাৰা হৈ পৰি এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি কৰা দেখা যায়৷ হিমা দাসৰ এনে সফলতাই এতিয়া সকলোকে উৎফুল্লিত কৰি তুলিছে আৰু সকলোৱে আশা কৰিছে এচিয়ান গেমছত কঢ়িয়াই আনক ঈৰ্ষণীয় সফলতা৷