স্বৰ্ণ যুজ আৰু ৫ বাজি ১৫ মিনিট...

গুৱাহাটীঃ বুকুত এক শিহৰণ৷ তেওঁৰ বুকুৰ শিহৰণৰ কথা হয়তো কাকো কব পৰা নাই৷ তেওঁৰ বুকুত শিহৰণ থাকিবই৷ ক’ত বোকা-পানীৰে ভৰা গাঁও খন আৰু ক’ত অষ্ট্ৰেলিয়াৰ গল্ড কোষ্ট৷ কিন্তু বোকা পানীৰ গাঁও খনে দিয়া অযুত সাহসে তেওঁক আজি ৰাণীৰ শাৰীত থিয় কৰালে৷ তেওঁ এতিয়া দৌৰৰ ৰাণী হিচাপে খ্যাতি লাভ কৰিছে৷ 

হয়তো তেওঁৰ মনৰ ভিতৰতে কছৰৎ কৰিছে৷ মই স্বৰ্ণ জয়ী হ’বই লাগিব৷ মোৰ দেশৰ বাবে, মোৰ অসম খনৰ বাবে মই স্বৰ্ণ জয়ী হ’বই লাগিব৷ অসমৰ মানুহে মোৰ স্বৰ্ণ লাভৰ খবৰৰ বাবে অধিৰ অপেক্ষা কৰি আছে৷ মই আজি জীৱনৰ শ্ৰেষ্ঠ দৌৰ দিম৷ আজি দৌৰত কোনেও মোৰ সৈতে ফেৰ মাৰিব নোৱাৰিব৷ মই আজি দৌৰৰ সকলো সীমা পাৰ কৰিম৷

হয়তো জীৱনত ভবাই নাছিল এদিন দিল্লী বিমান বন্দৰৰ পৰা অষ্টেলিয়া অভিমুখে উৰা মাৰি বিশ্ববাসীৰ বাবে চিনাকী হৈ পৰিব৷ তাইক লৈ সমগ্ৰ দেশে সপোন দেখিব৷ সকলোৱে বিচাৰিছে তেওঁ স্বৰ্ণ লাভ কৰক৷ 

তেওঁকো লাগে কেৱল স্বৰ্ণ৷ দেশবাসীক দিব খোজে এই উপহাৰ৷ কঠোৰ পৰিশ্ৰম কৰি চমকপ্ৰদ সফলতাৰে জিলিকি উঠা দৰিদ্ৰ পৰিয়ালৰ সন্তান হিমাৰ কথাকে কৈ আছো৷ বৰ্ণাঢ্য ক্ৰীড়া জীৱনৰ পাতনি মেলি আজি কমনৱেলথ গেমছৰ দৰে বিশ্বৰ অন্যতম সংযুক্ত খেলৰ প্ৰতিযোগিতাত ফাইনেলত উপণীত হৈছে হিমা৷ 

নগাঁও জিলাৰ অতি পিছ পৰা ধিঙৰ কান্ধুলীমাৰী গাঁৱৰ ৰঞ্জিত দাস আৰু জোনালী দাসৰ কন্যা হিমা দাসৰ সফলতাত আনন্দিত হৈ পৰিছে ৰাজ্যবাসী৷ এটি দৰিদ্ৰ পৰিয়ালৰ সন্তান হিমা। সৰ্বদিশতে পিছ পৰা কান্ধুলীমাৰী গাঁৱত খেলৰ পৰিৱেশ নথকাৰ পাছতো হিমাই নিজ সংগ্ৰামৰ জৰিয়তে উজলি উঠি দেশ আৰু অসমীয়া জাতিক গৌৰাৱান্বিত কৰিছে৷ 

কমনৱেলথ গেমছ কি জনা নাছিল তেওঁ৷ তেও জানিছিল কেৱল দৌৰিব৷ যাৰ বাবে ফাইনেলত প্ৰৱেশ কৰিছে হিমাই সেয়াও কমনৱেলথ গেমছত৷ আজি ফাইনেল দৌৰ দিব তেওঁ৷ অসমৰ প্ৰতিখন ঘৰ হয়তো ৫ বাজি ১৫ মিনিট যোৱাৰ লগে লগে টিভিৰ সন্মুখত বহিব আৰু আল্লা-ভগৱানক প্ৰাৰ্থনা জনাব হিমাৰ স্বৰ্ণ জয়ৰ বাবে৷ সমগ্ৰ অসমৰ জনসাধৰণৰ বাবে এতিয়া অপেক্ষা মাথো মঙলবাৰৰ ৫ বাজি ১৫ মিনিটলৈ৷

দেশ ৰাজ্য বাসীৰ মৰম, চেনেহ, আশীৰ্বাদ লৈ যুজত নামিব হিমা৷ প্ৰতিপক্ষক হৰুৱাই স্বৰ্ণ দখল কৰি যাদু দেখুৱাব৷ স্বৰ্ণ দখল কৰাৰ বাবে সাজু হৈছে হিমা আৰু সাজু হৈছে সমগ্ৰ দেশ।

স্মৰ্তব্য যে, সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই ফাইনেলত প্ৰৱেশ অসমৰ দৌৰৰ ৰাণীয়ে৷ পূৰ্বে অনুমান কৰা মতেই কমনৱেলথ গেমছৰ ৪০০ মিটাৰ দৌৰত ফাইনেলত প্ৰৱেশ কৰে হিমা দাসে৷ হিমাই মাথো ৫১.৫৩ ছেকেণ্ডত ৪০০ মিটাৰ দৌৰ সম্পূৰ্ণ কৰে মঙলবাৰে৷

হিমাৰ এই ৰেকৰ্ড গঢ়ে দেশৰ বাবে৷ হিমাৰ পূৰ্বে কোনো ভাৰতীয় খেলুৱৈ ইমান কম সময়ৰ ভিতৰত ৪০০ মিটাৰ দৌৰ সম্পূৰ্ণ কৰা নাছিল৷ এয়া এক অন্যান্য সফলতা দেশৰ বাবে আৰু অসমীয়া জাতিৰ বাবে৷

অসম সন্তানৰ সফলতাত প্ৰতিগৰাকী অসমীয়া আনন্দিত হৈ পৰিছে৷ খেলুৱৈগৰাকীয়ে দেশ তথা অসমৰ মান-অভিমানক বিশ্বৰ বুকুত উজলাই তুলিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে বুলি কয় কেইবাগাৰকী ক্ৰীড়া অনুৰাগীয়ে। হিমা দাস ইতিমধ্যে অসমৰ দৌৰৰ ৰাণী ৰূপে পৰিচিত৷

ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ কেইবাখনো প্ৰতিযোগিতাত অংশ লৈ কেইবাটাও মেডেল আজুৰি আনিছে হিমাই৷ কিন্তু হিমাই ইমানতে তেওঁৰ যাত্ৰাৰ অন্ত পেলাব খোজা নাই৷ অতি দৰিদ্ৰ পৰিয়ালৰ আৰু অসমৰ এখন পিছপৰা গাঁৱৰ হিমাই নেৰানেপেৰা প্ৰচেষ্টাৰ ফলত সুদীৰ্ঘ ৩০ বছৰৰ মূৰকত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইভেন্টত অংশ লোৱাৰ সুযোগ লাভ কৰে৷ 

ৰাজ্যৰ এগৰাকী খেলুৱৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এথলেটিকছত অংশ লোৱাৰ সুযোগ লাভ কৰাত অসমৰ ক্ৰীড়া অনুৰাগী আনন্দিত হৈ পৰে৷ স্প্ৰীণ্টাৰ হিমাই অষ্ট্ৰেলিয়াত অনুষ্ঠিত হৈ থকা কমনৱেলথ গেমছত ৪০০ মিটাৰ দৌৰত ছেমি ফাইনেলত প্ৰৱেশ কৰে।

যোগ্যতাৰ প্ৰাৰম্ভিক পৰ্যায় অতিক্ৰম কৰি তৃতীয় স্থান লাভ কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ লগতে সোমবাৰে শ্ৰেষ্ঠ প্ৰদৰ্শনেৰে হিমাই ফাইনেলত প্ৰৱেশ কৰে। বুধবাৰে ভাৰতীয় সময় অনুসৰি ৫.১৫ বজাত অনুষ্ঠিত হ’ব স্বৰ্ণৰ চূড়ান্ত দৌৰ৷