
newsnextone.com | নামতিঃ এগৰাকী দৰিদ্ৰ ঘৰৰ কন্যাই চিবিএছইৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ শিৱসাগৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে৷ শৈশৱতে পিতৃক হেৰুওৱাৰ ফলত মাতৃয়ে অতি কষ্টৰে ডাঙৰ-দীঘল কৰে কিশোৰীগৰাকীয়৷ পিতৃক হেৰুওৱাৰ পিছত পৰিয়ালটোৱে এখন সাধাৰণ দোকান দি পৰিয়াল পোহপাল দিয়ে৷ সাধাৰণ দোকান খনেৰে দৰিদ্ৰ পৰিয়ালটোৱে চলিব পৰা নাছিল যদিও কন্যাগৰাকীয়ে শিৱসাগৰ জিলাৰ জৱাহৰ নৱোদয় বিদ্যালয়ত নামভৰ্তিৰ সুবিধা লাভ কৰে৷ তাৰ পিছতে কিশোৰীগৰাকীয়ে অধ্যয়নত মনোযোগ দিয়ে৷ অশেষ কষ্টৰে কন্যাগৰাকীয়ে পঢ়া-শুনা কৰে৷ এসাঁজ খাবৰ বাবে হাহাকাৰ কৰিব লগীয়া পৰিয়ালটোৱে কৰা কষ্টই ফল ধৰে৷
কিয়নো তেওঁলোকৰ কন্যাই দৰিদ্ৰতাৰ হেঙাৰ নেওচি সফলতা লাভ কৰে৷ কঠোৰ জীৱন সংগ্ৰামৰ মাজেৰে এইবাৰ চিবিএছইৰ দশম শ্ৰেণীৰ ফলাফলত শিৱসাগৰ জিলাৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ পৰা পৰীক্ষাত বহি ৯৪.৪ শতাংশ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনে। নাম তেঁওৰ হিমাঞ্জলী বুঢ়াগোহাঁই৷
হিমাঞ্জলীয়ে শিশু অৱস্থাতেই পিতৃক হেৰুৱাইছিল৷ হিমাঞ্জলীয়ে মাক, ভনীয়েক আৰু বিশেষভাৱে সক্ষম বৰদেউতাকৰ সৈতে বহু কষ্টেৰে জীৱন অতিবাহিত কৰে। কিন্তু হিমাঞ্জলীয়ে আৰ্থিক দৈন্যতাক নেওচি বিশেষ পাৰদৰ্শিতাৰে উত্তীৰ্ণ হোৱাত ঘৰখনত আনন্দৰ বন্যা বৈছে। নামতি চেতিয়া গাঁৱৰ নিজা গৃহতে মাতৃ মণিমালা বুঢ়াগোহাঁইয়ে বছৰটো তাঁত শালত বহি কাপোৰ তৈয়াৰ কৰি দুগৰাকী কন্যাক পঢ়ুৱাৰ লগতে বৰদেউতাকে হাতত পেং লৈ চোতালতে এখন সৰু দোকান দি চাৰিজনীয়া পৰিয়ালটোক পোহপাল দিয়ে।
২০০৯ চনতে পিতৃ কমল বুঢ়াগোহাঁইৰ অকাল মৃত্যু হোৱাত ঘৰখনত হাহাঁকাৰ অৱস্থাৰ সৃষ্টি হৈছিল। হিমাঞ্জলীয়ে কোনো ঘৰুৱা শিক্ষকৰ সহায় নোলোৱাকৈ দৈনিক পাঁচ ঘণ্টা পঢ়িছিল। ছবি আঁকি ভালপোৱা দৰিদ্র পৰিয়ালৰ ছাত্রীগৰাকীয়ে ভৱিষ্যতে মেডিকেল বা ইঞ্জিনিয়াৰিঙত শিক্ষা গ্ৰহণৰ সপোন ৰচিছে যদিও আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৱে এতিয়া উচ্চ শিক্ষা দিবলৈ চিন্তিত হৈ চকুলো টুকিছে। উচ্চ শিক্ষাৰ বাবে ছাত্ৰীগৰাকীক কোনো দল সংগঠনে সহায়ৰ হাত আগবঢ়ালে ছাত্ৰী গৰাকীৰ ভৱিষ্যত উজ্জ্বল হোৱাৰ আশা কৰিব পাৰিব৷