১৬৩১ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা, ১০০০ ছাত্ৰীক স্কুটি দিব হিমন্তই

বাইহাটা চাৰিআলিঃ দেশ তথা ৰাজ্যৰ ভিতৰতে জালুকবাৰী বিধান সভা সমষ্টি জাকত জিলিকা সমষ্টি হ’ব। বিধান সভা সমষ্টিটোত উচ্চ শিক্ষা আৰু উন্নত চিকিৎসা সেৱাৰ বাবে আই আই টি, এইমচ, ইঞ্জিনীয়াৰিং কলেজ, চৰকাৰী খণ্ডৰ বি এড মহাবিদ্যালয় আদিকে ধৰি মেট্ৰ ৰেলৰ সুবিধা উপলব্ধ হব। আমাৰ বিশ্বাস ২০২১ চনৰ ভিতৰত জালুকবাৰী সমষ্টিয়ে অন্য এক পূৰ্ণতা লাভ কৰিব। এই মন্তব্য শিক্ষা, স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ৷

দেওবাৰে উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতি উত্তীৰ্ণ ১৬৩১ গৰাকী কৃতী শিক্ষাৰ্থীক সম্বর্ধনা আৰু জলপানী প্ৰদানৰ উদ্দেশ্য বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত অনুষ্ঠিত এখন সবাত উপস্থিত থাকি এই মন্তব্য আগবঢ়াই মন্ত্ৰী হিমন্তই। নিজ সমষ্টিৰ ছাত্ৰ-ছত্ৰীক সম্বৰ্ধনা জনাবলৈ অনুষ্ঠিত কৰা সভাত উপস্থিত থাকি হিমন্তই নিজ সমষ্টিৰ শিক্ষাৰ মান মান হোৱা বুলি কয়।

২০০২ চনত ২৮৮ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা সমষ্টিটোত এতিয়া এই সংখ্যাই ১৮০০ অতিক্ৰম কৰিছে। সমষ্টিটোৰ ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাৰ মানদণ্ডৰ লগতে তেওঁলোকৰ সুবিধাৰ্থে সমষ্টিটোত শিক্ষানুষ্ঠানৰ সংখ্যাও বৃদ্ধিত গুৰুত্ব প্ৰদান কৰা হৈছে। অহা বৰ্ষত বেজেৰাত চৰকাৰী খণ্ডত বিএড মহাবিদ্যালয়, শুৱালকুছিত ইঞ্জিনীয়াৰিং মহাবিদ্যালয় তথা এখন আদৰ্শ স্নাতক মহাবিদ্যালয় স্থাপন কৰা হ’ব বুলি কয় হিমন্তই।

১৩শ কৌটি ধনেৰে চাংসাৰিত এইমচ নিৰ্মাণৰ লগতে দক্ষতা বিকাশ স্থাপনৰ কামো উত্তৰ গুৱাহাটীৰ ফুলুংত অহা বৰ্ষতে কৰা হ’ব বুলি ৰাইজৰ সন্মুখত প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে ১৮ কৌটি টকাৰে গুৱাহাটী- উত্তৰ গুৱাহাটী সংযোগী সেতু নিৰ্মাণ, ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে চাংসাৰিৰ মাজেৰে কুৰুৱালৈ নতুন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ আদিৰে জানুৱাৰী মাহত উচ্চ শিক্ষাৰ লগতে বিকাশৰ নতুন কেইবাটাও দিশ জালুকবাৰী সমষ্টিত সূচনা হ’ব বুলি কয়।

আনহাতে সমষ্টিটোক ৰাজধানীৰ ক্ষেত্ৰলৈ অনাৰ লগতে সমষ্টিটোৰ চাংসাৰিলৈ মেট্ৰ ৰেলৰো ব্যৱস্থা কৰি নতুন অৰ্থনৈতিক বিকাশৰ মাত্র দুগুণে বৃদ্ধি কৰা হ’ব বুলি সভাত ঘোষণা কৰে। হিমন্তই অহা বৰ্ষৰ পৰা বিশ্ববিদ্যালয়ৰ পৰ্যায়তো নামভৰ্তি বিনামূলীয়া কৰা হ’ব বুলি কৈ এই উদ্দেশ্য অহা ২৬ ডিচেম্বৰত ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্য সকলৰ সৈতে আলোচনা কৰা হ’ব বুলি কয়। ১২ জানুৱাৰীত ১০০০ ছাত্ৰীক স্কুটি দিয়া হ’ব বুলি কয়৷

মন্ত্ৰীগৰাকীয়ে নিজ হাতে ছাত্ৰ ছাত্ৰীৰ হাতত মানপত্ৰ আৰু জলপানী প্ৰদান কৰে। অনুষ্ঠানত শিক্ষাবিধ গৌৰাংগ শৰ্মা, বিজেপিৰ নেতা কল্লোল চক্ৰবৰ্তী, বেজেৰা মণ্ডলৰ সভাপতি অনিল ৰাজ ডেকা আৰু শুৱালকুছি মণ্ডলৰ সভাপতি দুলু দাস উপস্থিত থাকে। আনহাতে গুৱাহাটী গ্ৰন্থমেলাৰ পৰা কোনো শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে গ্ৰন্থ কিনিলে সেই টকা উভতাই দিয়া হ’ব বুলি কয়৷