
newsnextone.com | গুৱাহাটীঃ অৱসৰ গ্ৰহণৰ পিছত লাভ কৰিবলগীয়া টকাৰে চাকৰিৰ পিছৰ কাল চলিব পাৰে ৰাজ্য চৰকাৰৰ অধিনৰ চাকৰিয়ালসকলে৷ সমগ্ৰ জীৱনটো ব্যস্ত থাকি সময়ত মতে পেঞ্চনৰ টকা কেইটা লাভ নকৰিলে হাহাকাৰ কৰিব লগা হয় বৃদ্ধ অৱস্থাত৷
কিন্তু অসম চাহ নিগমৰ অধিনত কাম কৰা ১৬,১৩৩ গৰাকী অৱসৰ প্ৰাপ্ত কৰ্মচাৰীয়ে দীৰ্ঘদিন ধৰি লাভ কৰা নাছিল পেঞ্চন৷ সময়ে সময়ে চাহ জনজাতীয় সংগঠনে তেওঁলোকৰ ধন মুকলি কৰি দিবলৈ দাবী জনাই আহিছে৷ অৱশেষত ৰাজ্য চৰকাৰে অসম চাহ নিগমৰ ১৬,১৩৩ গৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক পেঞ্চনৰ টকা মোকলাই দিয়াৰ কথা ঘোষণা কৰে৷ যোৱা ২০ বছৰ ধৰি এই ধন মুকলি কৰা দিয়া হোৱা নাছিল৷ ফলত মুঠ ১ লাখ ৬ হাজাৰ কৰ্মচাৰীয়ে উপকৃত হ’ব৷
মঙলবাৰে জনতা ভৱনত বিত্ত, স্বাস্থ্য আৰু গড়কাপ্তানি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদ মেল অনুষ্ঠিত কৰি এই কথা ঘোষণা কৰে৷ বিত্ত মন্ত্ৰী হিমন্তই ইতিমধ্যে বিত্ত বিভাগে ৯৯ কোটি টকা মোকলাই দিয়া বুলি কয়৷
ৰাজ্যত নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ ব্যাপক হাৰত মূল্য বৃদ্ধি হোৱাৰ সময়তে বিভিন্ন বিভাগৰ কৰ্মচাৰীৰ সপ্তম দৰমহা আয়োগৰ মতে দৰমহা বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে৷ মঙলবাৰে সংবাদ মেল যোগে দুৰ্গম এলেকাত কৰ্মৰত চাকৰিয়াল, অসম চৰকাৰৰ ৰাজ্যৰ বাহিৰত কৰ্মৰত চাকৰিয়াল, পাহাৰীয়া আৰু প্ৰতিবন্ধী বিদ্যালয়ৰ শিক্ষকক দৰমহা বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে৷
চৰকাৰে অৱসৰপ্ৰাপ্ত চাহ শ্ৰমিকৰ বাবে এটিচিক বিত্ত বিভাগে ৯৯ কোটি টকা আৱণ্টন দিয়াৰ লগতে গুৱাহাটী মহানগৰীৰ চৰকাৰী কৰ্মচাৰীৰ দৰমহাত ১০ শতাংশ অতিৰিক্ত হাউচ ৰেণ্ট দিয়া হ’ব বুলি ঘোষণা কৰে৷ জিলা সদৰত কৰ্মৰত লোকসকলে ৮ শতাংশ, মহকুমা সদৰত কৰ্মকতসকলক ৭ শতাংশ হাউচ ৰেণ্ট দিব বুলি ঘোষণা কৰে৷
অসম ভৱন বা অন্য অনুষ্ঠানত কাম কৰা গাড়ী চালক নতুবা আন আন কৰ্মৰত লোকসকলে ৮ ঘণ্টাতকৈ অধিক কাম কৰিলে ঘণ্টাত ২০ টকাকৈ অতিৰিক্ত ধন লাভ কৰিব বুলি কয় মন্ত্ৰীগৰাকীয়ে৷
প্ৰশিক্ষণ গ্ৰহণ নকৰা স্নাতকোত্তৰ ডিগ্ৰী নথকা শিক্ষকৰ নতুন গ্ৰেড-পে’ হ’ব ৬,২০০ টকা৷ প্ৰশিক্ষণ প্ৰাপ্ত আৰু স্নাতক শিক্ষকে নতুন গ্ৰেড-পে’ অনুযায়ী লাভ কৰিব ৬,৮০০ টকা।
নিম্ন মধ্য, মাধ্যমিক তথা এলপি-এমইৰ প্ৰশিক্ষণপ্ৰাপ্ত আৰু স্নাতক শিক্ষকে গ্ৰেড-পে’ লাভ কৰিব ৮,৭০০ টকা। প্ৰশিক্ষণ গ্ৰহণ নকৰা স্নাতক শিক্ষকে নতুন গ্ৰেড-পে’ অনুযায়ী লাভ কৰিব ৬,৮০০ টকা।
নিম্ন মধ্য, মাধ্যমিক তথা এলপি-এমই-জ্যেষ্ঠ, কনিষ্ঠৰ ভিত্তিত সাধাৰণ আৰু উচ্চতৰ পৰ্যায়ৰ কৰ্মচাৰীৰ গ্ৰেড পে’ৰ সালসলনি ঘটায় এল পিৰ জুনিয়ৰ, প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত প্ৰশিক্ষণপ্ৰাপ্ত আৰু স্নাতক শিক্ষকে নতুন দৰমহাৰ নিৰিখ অনুসৰি গ্ৰেড-পে’ লাভ কৰিব ৭,৪০০ টকাকৈ। কনিষ্ঠ-জ্যেষ্ঠ চিনাক্ত কৰণৰ বাবে ৪,২০০, ৫,২০০, ৬,৪০০, ৭,৬০০, ৯,৪০০ আৰু ১১,৮০০ নতুনকৈ ৬টা গ্ৰেড-পে সৃষ্টি কৰা হৈছে৷
আনহাতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ গড়কাপ্তানী বিভাগত লাচিত-চিলাৰায় সেঁতু নিৰ্মাণ নামৰে নতুন আঁচনি ঘোষণা কৰে৷ আঁচনি অনুযায়ী নাবাৰ্ডৰ ২০০০ কোটি ব্যয়েৰে ৰাজ্যত ১১৭২ খন পকী দলং নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰে। প্ৰত্যন্ত, দুৰ্গম, পাহাৰীয়া অঞ্চল, শ্বিলং, প্ৰতিবন্ধী বিদ্যালয়ৰ শিক্ষক আৰু আন আন কৰ্মচাৰীয়ে বিশেষ সুবিধা লাভ কৰিব বুলিও ঘোষণা মন্ত্ৰীগৰাকীয়ে৷