কনকলতা যোজনাৰ অধিনত ১ লাখ ২৬ হাজাৰ মহিলাক ৪ বছৰত ২ লাখ দিয়া হ’বঃ হিমন্ত

মঙলদৈঃ শুকুৰবাৰে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দৰং জিলাৰ মঙলদৈত উপস্থিত হৈ কেইবাটাও কাৰ্যসূচীত অংশ লয়৷ মন্ত্ৰীগৰাকীয়ে শুকুৰবাৰে পুৱাই ঐতিহ্যমণ্ডিত মঙলদৈ মহাবিদ্যালয়ত উপস্থিত হৈ মহাবিদ্যালয় পৰিয়ালে নিজ পুঁজিৰে প্ৰায় ১ কোটি টকাৰে নিৰ্মাণ কৰা প্ৰশাসনিক ভৱন উদ্বোধন কৰে৷

মহাবিদ্যালয় খনত মন্ত্ৰীগৰাকীয়ে উপস্থিত হোৱাৰ পিছতেই শিক্ষক ছাত্র-ছাত্ৰীয়ে উষ্ম আদৰণী যাঁচে৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলদৈ মহাবিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ২ কৌটি টকা, মহিলাসকলৰ বাবে কনকলতা মহাবিদ্যাল ছয়মাহৰ ভিতৰত স্থাপন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। 

আনহাতে মন্ত্ৰীগৰাকীয়ে নিজ পুঁজিৰে মহাবিদ্যালয় খনৰ ভৱন নিৰ্মাণ কৰাত শলাগ লয় মঙলদৈ মহাবিদ্যালয় কৰ্তৃপক্ষৰ৷ আনহাতে মঙলদৈ চহৰত এটি প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন কৰাৰ লগতে মহিলা আত্মসহায়ক গোটক অন্তদয়া আঁচনিৰ অধিনত কেইবাটাও গোটক ১০ হাজাৰ আৰু ৫০ হাজাৰ টকাৰ চেক প্ৰদান কৰে হিমন্তই৷ অনুষ্ঠানত সাংসদ ৰমেন ডেকা আৰু বিধায়ক গুৰুজ্যোতি দাস উপস্থিত থাকে৷

তাৰ পিছতেই মঙলদৈ নৱগ্ৰহ মন্দিৰ দৰ্শন কৰি সেৱা লয় মন্ত্ৰীগৰাকীয়ে৷ তাৰ পাছতেই মঙলদৈ গান্ধী ময়দানত অনুষ্ঠিত এখন সভাত অংশ লৈ মঙলদৈত এখন মহিলা বিদ্যালয় স্থাপন কৰাৰ কথা ঘোষণা কৰে৷ ৰাজহুৱা সভাত মন্ত্ৰীগৰাকীয়ে এতিয়া মহিলাৰ ঘৰৰ ভিতৰত থকাৰ সময় নাই বুলি কৈ ভাৰতীয় সংস্কৃতিত মহিলাক সদায় সন্মান দি অহা হৈছে বুলি কয়৷ 

এখন ৰাজ্যৰ বিকাশৰ স্বাৰ্থত মহিলাসকলে যথেষ্ট ত্যাগ আৰু অৰিহণা আগবঢ়ায়। এখন ৰাজ্যৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত মহিলাসকলৰ শক্তি আৰু সামৰ্থ্যক উচিত ব্যৱহাৰ কৰাৰ লগতে তেওঁলোকক শাৰীৰিক আৰু মানসিক দিশত সবল কৰি তোলাই আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য বুলি কয়৷ 

মন্ত্ৰীগৰাকীয়ে মঙলদৈৰ সাংবাদিকৰ মুখামুখি হৈ অহা ১ তাৰিখৰ পৰা কনকলতা মহিলা সবলীকৰণ যোজনা আৰম্ভ কৰাৰ কথা ঘোষণা কৰে৷ হিমন্তই কয় ‘‘ অহা ১ তাৰিখৰ পৰা কনকলতা মহিলা সবলীকৰণ যোজনা আৰম্ভ কৰা হ’ব৷ তাৰ জৰিয়তে অসমৰ ১ লাখ ২৬ হাজাৰ মহিলাক প্ৰথম বছৰ ২৫ হাজাৰ টকা আৰু যিসকলে ভাল কাম কৰে তেওলোকক দ্বিতীয় বছৰত ৫০ হাজাৰ টকা আৰু তাতকৈ ভাল কাম কৰা সকলক তৃতীয় বছৰত ১ লাখ টকা আৰু চতুৰ্থ বছৰত ২ লাখ টকা প্ৰদান কৰা হ’ব৷’’

এই আঁচনি অসমৰ আত্মসহায়ক গোটক সহায় কৰাৰ বাবে লোৱা হৈছে বুলি কৈ অহা ০১ এপ্ৰিলত গুৱাহাটীত এই আঁচনি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উন্মোচন কৰিব বুলি কয় হিমন্তই৷ এই আঁচনিৰ বাবে এই বছৰত ২৫০ কোটি টকা ধাৰ্য কৰিছো আৰু ২৫০ কোটি কৰা খৰচ কৰিম৷

পূৰ্বে নিয়ম আছিল ৫ বছৰত ৫ হাজাৰ টকা দিয়াৰ এটা গোটক আৰু সকলো উপকৃত হ’ব বুলিও কয় মন্ত্ৰীগৰাকীয়ে৷ ছাত্ৰীক এই হছৰত ১ হাজাৰ স্কুটি অহা বছৰত ৫ হাজাৰ আৰু তাৰ পিছৰ বছৰত ২৫ হাজাৰ ছাত্ৰীক স্কুটি দিম বুলি ধাৰ্য কৰিছো৷ সেই ধৰণে লাখলৈকে গৈ থাকিব বুলিও কয় হিমন্তই৷