
উত্তৰ কামৰূপঃ আজি মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই উত্তৰ গুৱাহাটীৰ নাও দূৰ্ঘটনাত নিহত হোৱা পৰিয়ালৰ ঘৰত উপস্থিত হয় আৰু সমবেদনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ ২ লাখ টকাকৈ ক্ষতিপূৰণ ঘোষণা কৰে৷
উল্লেখ্য যে, বুধবাৰে উত্তৰ গুৱাহাটীত সংঘটিত হোৱা নাও দুৰ্ঘটনাত ডিম্পী দাস আৰু অংকিতা বৰুৱা নামৰ দুগৰাকী ছাত্ৰী নিহত হৈছিল৷ ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে ছাত্ৰী দুগৰাকীৰ পৰিয়ালৰ ওচৰত থিয় হৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে ক্ষতিপূৰণ প্ৰদান কৰাৰ কথা ঘোষণা কৰে৷
ইফালে, উত্তৰ গুৱাহাটীৰ ছেইণ্ট এন্থনী স্কুলৰ ষষ্ঠ শ্ৰেণীৰ কমল কৃষ্ণ দাস নামৰ ১১ বছৰীয়া ছাত্ৰ এগৰাকীয়ে বুধবাৰে সংঘটিত নাও দুৰ্ঘটনাত নিজৰ জীৱন বিপন্ন কৰি মাক আৰু পেহীয়েকৰ প্ৰাণ ৰক্ষা কৰি সাহসিকতা দেখুওৱায়৷ তেন্তে ক্ষেত্ৰত কণমানি শিশুটিৰ নাম ৰাষ্ট্ৰীয় সাহসিকতাৰ পুৰস্কাৰৰ বাবে প্ৰেৰণ কৰিবলৈ দাবী জনায় অঞ্চলটোৰ ৰাইজে৷