
আজাৰাঃ ৰাজ্যৰ ১২ খন জিলাৰ চৰকাৰী বিদ্যালয়সমূহত অনুষ্ঠিত কৰা দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ আজি অন্তিম দিন৷ ১০ অক্টোৱৰৰ পৰা বিদ্যালয় সমূহত ধুমধামেৰে অনুষ্ঠিত কৰা গুণোৎসৱত পৰিদৰ্শক হিচাপে উপস্থিত থাকে ৰাজ্যৰ বিভিন্ন বিভাগৰ উচ্চ পদস্থ বিষয়ববীয়া সকল৷
এফালে আজি দ্বিতীয় পৰ্য্যায়ৰ গুণোৎসৱত শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছাত্ৰ-ছাত্ৰীসকলৰ জ্ঞানৰ মূল্যায়ণ কৰে। কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ ৯৫নং সাতপখলী প্ৰাথমিক বিদ্যালয়ৰ গুণোৎসৱ উপলক্ষে শিক্ষামন্ত্ৰীগৰাকিয়ে প্ৰায় ৩ ঘণ্টা সময় বিদ্যালয়ত উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক ইংৰাজী, অংক, সাধাৰণ জ্ঞান আদি বিষয়ত বিভিন্ন প্ৰশ্ন সোধে।
চতুৰ্থমান শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলেও মন্ত্ৰগৰাকীৰ সন্মুখত সৰস্বতী বন্দনা, ৰঘুপতি ৰাঘব, অসম সংগীত আদি সুন্দৰকৈ পৰিৱেশন কৰে। শতবৰ্ষ অতিক্ৰম কৰা সাতপখলী প্ৰাথমিক বিদ্যালয়ৰ মুঠ ছাত্ৰ-ছাত্ৰী হ’ল ২০০ গৰাকী। বিদ্যলয়খনত উপস্থিত থাকি শিক্ষৗামন্ত্ৰী গৰকীয়ে গুণোৎসৱে পৰৱৰ্তী সময়ত শিক্ষা ব্যৱস্থাত আমূল পৰিৱৰ্তন আনিব বুলি আশা প্ৰকাশ কৰে। অহা তিনিমাহৰ ভিতৰত পুনৰ উক্ত বিদ্যালয়খনত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে আকৌ মত বিনিময় কৰিব বুলিও প্ৰকাশ কৰে।
মন্ত্ৰীগৰাকীয়ে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতো মত বিনিময় কৰি পৰ্য্যায়ক্ৰমে আগুৱাই যাবলৈ পৰামৰ্শ প্ৰদান কৰে। অভিভাৱক সকলকো ছাত্ৰ-ছাত্ৰীসকলৰ যাতে নিয়মীয়া পঢ়া শুনা কৰে সেই দিশত অধিক গুৰুত্ব দিবলৈ আহ্বান জনায়। দুপৰীয়াৰ মধ্যহ্ন ভোজনত ছাত্ৰ-ছাত্ৰীসকলৰ লগত শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কামৰূপ জিলা উপায়ুক্ত বিনোদ শেষান, সৰ্বশিক্ষা অভিযান প্ৰকল্প অৰুণা ৰাজৰীয়াই পকীত বহি একেলগে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে।
আজি এই গুণোৎসৱত শিক্ষামন্ত্ৰীৰ লগতে শিক্ষা আয়ুক্ত আৰু সচিব প্ৰতীম শইকীয়া, সৰ্বশিক্ষা অভিযানৰ সহকাৰী সঞ্চালক ধ্ৰুৱজ্যোতি দাস, কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক পাৰ্থ সাৰথী মহন্ত, পলাশবাৰী সমষ্টিৰ বিধায়ক প্ৰনৱ কলিতাকে ধৰি বহুকেগৰাকী বিশিষ্ট লোক উপস্থিত থাকে।