লুই বাৰ্জাৰ কেলেংকাৰিঃ চি বি আইৰ ২২ ঘণ্টা জেৰা মন্ত্ৰী হিমন্তক

গুৱাহাটীঃ লুই বাৰ্জাৰ কেলেংকাৰি সন্দৰ্ভত সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অৱশেষত শীৰ্ষ তদন্তকাৰী সংস্থা চি বি আয়ে জেৰা কৰে। যোৱা ১ আৰু ২ নৱেম্বৰত নতুন দিল্লীস্থিত চি বি আইৰ মুখ্য কাৰ্যালয়ত মন্ত্ৰীজনক ২২ ঘণ্টা জেৰা কৰা হয়।

কংগ্ৰেছৰ শাসনকালত গুৱাহাটী উন্নয়ণ বিভাগৰ মন্ত্ৰী হৈ থকাৰ সময়ত আমেৰিকান কোম্পানী লুই বাৰ্জাৰৰপৰা তদানীন্তন চৰকাৰৰ মন্ত্ৰী আৰু বিষয়াই বৃহৎ পৰিমাণৰ কমিছন লোৱাৰ অভিযোগ উত্থাপিত হৈছিল। 

তদন্তকাৰী সংস্থাটোৱে কেলেংকাৰিৰ লগত জড়িত কেইবাজনো শীৰ্ষ বিষয়াক জেৰা কৰিছিল যদিও প্ৰভাৱশালী মন্ত্ৰী শৰ্মাক জেৰা নকৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। 

যোৱা ছেপ্টেম্বৰৰ শেষৰ ফালে চি বি আয়ে এসপ্তাহ  ধৰি গুৱাহাটীত বাহৰ পাতি বহুকেইজন অভিযুক্ত আৰু সেই সময়ৰ দায়িত্বশীল বিষয়াক জেৰা কৰিছিল।

উল্লেখযোগ্য যে বি জে পি দলে যোৱা বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলৰ দিনত সংঘটিত বৃহৎ কেলেংকাৰি আৰু দুৰ্নীতিগ্ৰস্ত মন্ত্ৰী-বিধায়কৰ তালিকাত হিমন্ত বিশ্ব শৰ্মাৰ নাম শীৰ্ষত স্থান দি পুস্তিকা বিতৰণ কৰিছিল। আনকি সেই সময়ত বি জে পিয়ে ইয়াৰ চি বি আই তদন্তও দাবী কৰিছিল। কিন্তু নেতাজনে কনিষ্ঠ সতীৰ্থসহ গেৰুৱা দলত যোগদান কৰাৰ পাছৰেপৰা এই বিষয়টোত বি জে পি মৌন হৈ পৰে।

এই কেলেংকাৰিটোৰ তদন্তৰ বাবে আইনী যুঁজ দি থকা স্বৰাজ অসমৰ নেতা তথা সমাজকৰ্মী ভবেন সন্দিকৈয়ে এই প্ৰতিনিধিক কয় যে তেওঁ কেলেংকাৰি সন্দৰ্ভত আমেৰিকাৰ এফ বি আইৰ তথ্যও চি ৰি আইৰ হাতত জমা দিছিল। বিষয়টো আগবঢ়াই নিবৰ বাবে তেওঁ শেহতীয়াকৈ বিশিষ্ট আইনবিদ প্ৰশান্ত ভূষণকো সাক্ষাৎ কৰিছিল। 

সন্দিকৈয়ে লগতে কয় যে মন্ত্ৰী শৰ্মাক চি বি আয়ে যোৱা ১  আৰু ২ নৱম্বৰতে জেৰা কৰিছিল বুলি তেওঁ খবৰ পাইছিল যদিও ইয়াৰ সত্যতা দেওবাৰেহে নিশ্চিত কৰিব পৰা হয়।

ইফালে, মন্ত্ৰী শৰ্মাই ভবেন সন্দিকৈৰ বিৰুদ্ধে গোচৰ তৰিব বুলি প্ৰকাশ কৰিছে।