
নলবাৰীঃ নলবাৰী জিলাৰ দক্ষিণ প্ৰান্তৰ বাহঁজানী গোপালথান পলিটেকনিকেল ইনষ্টিটিউট (হাইস্কুল)ত বাঁহজানী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সাম্প্ৰতিক শৈক্ষিক পৰিস্থিতিৰ সন্দৰ্ভত সোমবাৰে এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। নলবাৰী জিলা সংমণ্ডলৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক বিজয় বৈষ্ণৱ উপস্থিত থকা সভাৰ আতঁ ধৰে বিদ্যালয় খনৰ বিষয় শিক্ষক কুশল কুমাৰ মজুমদাৰে।
সভাত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক শিৱ শংকৰ ডেকা, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি প্ৰকাশ ডেকা, শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে নলবাৰী জিলা আছুৰ তথ্য আৰু প্ৰচাৰ সম্পাদক সুৰজিৎ শৰ্মা, বাঁহজানী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সীমান্ত দাস, সম্পাদক অলকেশ ডেকা, উপদেষ্টা অবিনাশ ডেকা সহ আছুৰ কৰ্মী-ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। সভাত বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ সন্দৰ্ভত আলোচনা কৰা হয়৷
আনহাতে বিদ্যালয় খনত সদ্য নিযুক্তি প্ৰাপ্ত হিন্দী শিক্ষয়িত্ৰী ৰীণা ভগঠে ভুল তথ্যৰে বিদ্যালয় খনত চাকৰি লোৱাৰ অভিযোগ উত্থাপন হয় সভাত৷ থলুৱা যুৱকক বঞ্চনা কৰি এনেদেৰ চাকৰি দিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ থকাৰ সময়তে ইয়াৰ এক নিৰপেক্ষ তদন্ত কৰাৰ দাবী জনাই বাঁহজানী আঞ্চলিক ছাত্ৰ সন্থাই৷