কি হিন্দু কি মুছলমান, সম্প্ৰীতিৰ এনাজৰিৰে চিবৰগাঁৱত দুৰ্গাপূজা

চিচিবৰগাঁওঃ জাতিগত সংঘাতত জৰ্জৰিত ধেমাজি জিলাৰ চিচিবৰগাঁও অঞ্চলটোৰ জনসাধাৰণৰ মনত কৌটিকলীয়া শান্তি আৰু সম্প্ৰীতি ওভতাই অনাৰ লক্ষ্যৰে চিচিবৰগাঁৱত হিন্দু আৰু মুছলিম ধৰ্মালম্বী ৰাইজে অগতানুগতিক ভাৱে আয়োজন কৰিছে দুৰ্গা পূজা।

শান্তি সম্প্ৰীতি বিচাৰি অঞ্চলটোৰ ৫২ খন গাঁৱৰ ৰাইজে আয়োজন কৰিছে মহাযজ্ঞ। যজ্ঞত ভাগ লৈছে অৰুণাচল প্ৰদেশৰ প্ৰতিনিধি দলে।

সমগ্ৰ দেশতে সাম্প্ৰদায়িক ক্লেশ আৰু অসহিষ্ণুতাৰ প্ৰসংগই বতাহ গৰম কৰি থকাৰ সময়তে চিচিবৰগাঁৱত হিন্দু আৰু মুছলিম ধৰ্মালম্বীয়ে একতা আৰু সংহতিৰ বিৰল চানেকি দাঙি ধৰি শান্তি প্ৰতিষ্ঠাৰ কামনাৰে এই পূজাৰ আয়োজন কৰা হৈছে বুলি জনাইছে আয়োজক সমিতিৰ অন্যতম আহ্বায়ক শক্তি টায়ে।

আয়োজক সমিতিয়ে জনোৱা মতে চিচিবৰগাঁও অঞ্চলৰ গেলুৱাস্থিত ঐতিহাসিক আই তামেশ্বৰী থানত কেৱল দান বৰঙণি দি নহয়, হাতে কামে লাগি কাৰ্যসূচী সফল কৰাত পূৰ্ণ সহযোগিতা আগবঢ়াইছে হিন্দুৰ লগতে মুছলিম ধৰ্মালম্বী লোকে।

৫২ খন গাঁৱৰ পৰা ২০ জনকৈ স্বেচ্ছাসেৱকে প্ৰতিদিনে ভক্তক আগবঢ়াব সেৱা। এক সমন্বয়ৰ থলীত পৰিণত হৈছে গেলুৱাৰ আই থান।