
newsnextone.com | গুৱাহাটীঃ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে গঢ় দিয়া কাজিৰঙাৰ অৰ্কিড পাৰ্কে ৬ বিঘা অতিৰিক্ত ভূমি দখল কৰা বুলি গোলাঘাট জিলা প্ৰশাসনে অভিযোগ উত্থাপন কৰাৰ পিছকে পৰা তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যত৷ শীঘ্ৰেই এই ভূমি দখলমুক্ত কৰিব বুলি ইতিমধ্যে প্ৰশাসনে জাননী জাৰি কৰিছে। এই খবৰ ৰাজহুৱা হোৱাৰ পিছতে কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, জীপাল কৃষক-শ্ৰমিক সংঘ আদিয়ে প্ৰশাসনৰ এনে কাৰ্যক তীব্ৰ বিৰোধীতা কৰে৷
কেৱল ৰাজনৈতিক আক্ৰোশ পূৰণৰ বাবেই কাজিৰঙা জাতীয় অৰ্কিড উদ্যানলৈ উচ্ছেদৰ জাননী প্ৰেৰণ কৰা হৈছে বুলি ক্ষোভ প্ৰকাশ কৰিছে সংগঠনসমূহে৷ চৰকাৰে যোৱা ৫ জুলাইত উচ্ছেদৰ জাননী প্ৰদান কৰা কাৰ্যক চূড়ান্ত অগণতান্ত্ৰিক আখ্যা দিছে বিভিন্ন পক্ষই৷ তাৰ মাজতে বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেণ গোহাঁয়ে কাজিৰঙা জাতীয় অৰ্কিড উদ্যানলৈ উচ্ছেদৰ জাননী প্ৰেৰণ কৰা কাৰ্যাত অগণতান্ত্ৰিক আখ্যা দি চৰকাৰক তীব্ৰ সমালোচনা কৰে৷ চৰকাৰে এনে কাম কৰিব নোৱাৰে আনে কৰিলে তাকো সহ্য কৰিব নোৱাৰে বুলি কয় কটুক্তি কৰে ৰাজ্য চৰকাৰক৷
বিজেপিৰ কেন্দ্ৰীয় চৰকাৰে ৪ বছৰ সম্পূৰ্ণ কাৰত সফলতাৰ বাৰ্তা দিবলৈ ৰূপায়ন কৰা জন সম্পৰ্ক অভিযানে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশিষ্ট বুদ্ধিজীৱি ড০ হীৰেণ গোহাঁইক সাক্ষাৎ কৰি অসমত আৰম্ভ কৰিছিল এই অভিযানক৷ ইয়াৰ পিছতে চৰকাৰৰ কোনো লোকে হীৰেণ গোহাঁইক সমালোচনা কৰা নাছিল যদিও মঙবাৰে এখন সংবাদমেল অনুষ্ঠিত কৰি হীৰেণ গোহাঁয়ে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি বিজেপি দলটোকে জাতিদ্ৰোহী আখ্যা দিয়ে৷
হীৰেণ গোহাঁয়ে এই ক্ষেত্ৰত নিজৰ স্থিতি স্পষ্ট কৰি কৃষক নেতা অখিল গগৈৰ অৰ্কিড উদ্যানৰ অনুমোদন দিয়া ভূমিতকৈ ৬ বিঘা মাটি অধিক দখল কৰি থকা বুলি ৰাজহ বিভাগে মাটিখিনি দখলমুক্ত কৰিবলৈ জাননী প্ৰেৰণ কৰাৰ পিছতে বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰে বুদ্ধিজীৱি হীৰেণ গোহাঁয়ে৷
চৰকাৰক আক্ৰমণ কৰি বণিয়া বাবা ৰামদেৱক ব্যৱসায়ৰ বাবে হাজাৰ বিঘা ভূমি দিব পাৰে বুলি কয়৷ কিন্তু বহু লোকক সংস্থাপন দিয়া কাজিৰঙা অৰ্কিড উদ্যানে মাত্ৰ অলপ বিঘা মাটি অৰ্কিদ উদ্যানৰ বাবে ব্যৱহাৰ কৰোঁতে বিজেপি চৰকাৰৰ গা জ্বলিছে৷
আনহাতে কাজিৰঙাৰ আশে পাশে অবৈধভাৱে গঢ়ি উঠা হোটেল, ৰিজ’ৰ্ট আদিত চকু নপৰে চৰকাৰৰ৷ চৰাকৰে কেনে বেদখলৰ ওপৰত চকু দিয়াৰ বিপৰীতে অসমৰ অস্তিত্ব বৰ্তাই ৰাখিব বিচৰা অখিল গগৈৰ প্ৰয়াসক চৰকাৰে মষিমূৰ কৰিব বিচাৰিছে বুলি ক্ষোভ ব্যক্ত কৰে গোহাঁইয়ে৷ অৰ্কিড উদ্যান এখন সমবায় সমিতিয়ে চলাইছে আৰু ততা সকলো জাতি-জনগোষ্ঠীৰ লোকৰ ঐতিহ্য সংৰক্ষণ কৰা হৈছে৷ যিখিনি ভূমি বেদখল কৰিব বিচৰা হৈছে তাত অসমৰ গোৰ্খা সকলৰ সাংস্কৃতিক তথ্যৰ সংগ্ৰাহলয় আছে বুলি কয় গোহাঁয়ে৷
অৰ্কিড উদ্যানত থলুৱা মাছ সংৰক্ষণৰ ব্যৱস্থা কৰাৰ লগতে অসমৰ সংস্কৃতি-প্ৰাকৃতিক সম্পদ, নানান ঐতিহ্য সংৰক্ষণ কৰা হৈছে৷ তেনেকুৱা এখন উদ্যানক চৰকাৰে সহযোগিতাহে আগবঢ়োৱা উচিত৷ কিন্তু চৰকাৰে তেন নকৰি ধ্বংস যদি কৰিব খোজে তেন্তে অবৈধভাৱে গঢ়ি উঠা ৰিজৰ্ট সমূহ হোটেলবোৰ কিয় নকৰে বুলিও প্ৰশ্ন উত্থাপন কৰে গোহাঁয়ে৷
গোহাঁয়ে আৰু কয় যে ভাৰতৰ ৭৫ শতাংশ অৰ্কিড অসমত আৰু উত্তৰ-পূবত পোৱা যায়৷ এই সমূহ সংৰক্ষণৰ কথা আগেয়ে কোনেৱে ভবা নাছিল৷ কিন্তু অখিল গগৈয়ে সমবায় সমিতিৰ সহায়ত অৰ্কিডসমূহ সংৰক্ষণৰ ব্যৱস্থা কৰি উত্তৰ পূৰ্বাঞ্চলৰ ঢেঁকীয়া, বাঁহৰ প্ৰজাতি সংৰক্ষণ কৰিছে৷ অসমৰ পৰা হেৰাই যাব ধৰা নাওখেল প্ৰদৰ্শণ কৰি অসমৰ ঐতিহ্য জীয়াই ৰাখিবলৈ চেষ্টা চলাইছে গৈছে অখিলে৷ এনেবোৰ কাৰ্যৰে চৰকাৰে জাতিদ্ৰোহী হিচাপে নিজকে পৰিচয় দিয়া বুলিও কয়৷
কাজিৰঙা অৰ্কিড উদ্যানত অসমৰ খেতিয়কসকলে এটা সময়ত উৎপাদন কৰা ৮০ বিধ ধানৰ সংৰক্ষণ কৰাবুলি কৈ জাতি মাতি ভেটি ৰক্ষাৰ কথা কোৱা সৰ্বানন্দ সোণোৱালৰ চৰকাৰে অসমৰ ঐতিহ্য বজাই ৰাখিব নোৱাৰে আৰু আনে ৰাখিব বিচাৰিলেও তাক সফল হ’বলৈ নিদিয়ে বুলি কটাক্ষ কৰে গোহাঁইয়ে৷
উল্লেখ্য যে, কাজিৰঙা জাতীয় অৰ্কিড উদ্যানৰ অধ্যক্ষ তথা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে চৰকাৰে উচ্ছেদ কৰিব বিচৰা ভূমি অংশৰ ভিতৰত গোৰ্খা সম্প্ৰদায়ৰ সংগ্ৰহালয় য’ত গোৰ্খাসকলৰ ২৬০০ বিধ সংগ্ৰহ আছে, উত্তৰ-পূৱৰ ৫৪ প্ৰজাতিৰ বাঁহৰ সংগ্ৰহ উদ্যান, ১০১ বিধ শাকৰ উদ্যান, ঢেকীয়া সংগ্ৰহ উদ্যানৰ লগতে পৰ্যটকৰ বাবে নৌকা বিহাৰৰ এটা পুখুৰী আছে বুলি কয়।