কবিতা প্ৰেমীৰ 'হীৰুদা'ৰ জন্মদিন

newsnextone.com | গুৱাহাটীঃ অসমৰ আধুনিক প্ৰসিদ্ধ কবি সকলৰ মাজৰ এজন। কিন্তু তেওঁ ব্যতিক্ৰম আছিল। তেওঁৰ কলমেৰে নিগৰিছিল প্ৰেম আৰু ভালপোৱাৰ কথা। অসমৰ সৰ্বকালৰ খ্যাতিসম্পন্ন কবিগৰাকীয়ে আমাক এৰি থৈ যোৱাৰ ষষ্ঠ বছৰত ভৰি দিলে। 

অসমীয়া কবিতাৰ ভঁৰাল চহকী কৰি ২০১২ চনৰ ৪ জুলাইত আমাৰ মাজৰ পৰা বিদায় লৈছিল সুগন্ধি পখিলাৰ কবিয়ে। অনেক কবিতা, অনেক গ্ৰন্থ, অনেক লিখনিৰে সমৃদ্ধ কৰি অসমীয়া জাতিক অপূৰ্ব সৃষ্টি দি থৈ গৈছে কবিতা প্ৰেমীৰ আদৰৰ কবিয়ে।

কবি হীৰেন ভট্টাচাৰ্যৰ কথাকে কৈছোঁ। হীৰেন ভট্টাচাৰ্য প্ৰেমীৰ বাবে 'হীৰুদা'ক  সুগন্ধি পখিলাৰ কবি বুলিও অসমৰ মানুহে জানে। ১৯৩২ চনৰ ২৮ জুলাইত আজিৰ দিনটোতে জন্ম গ্ৰহণ কৰা 'হীৰুদা'ৰ কবিতাৰ ভালপোৱা মানুহে পুনৰ আজি তেওঁক স্মৃৰণ কৰিছে।

অসমৰ যোৰহাটত জন্ম গ্ৰহণ কৰা আৰু শিক্ষাজীৱন ডিব্ৰুগড়-গুৱাহাটীকে ধৰি কেইবাখনো জিলাত লৈছিল। ডিব্ৰুগড়-গুৱাহাটীকে ধৰি কেইবাখনো চহৰত জীৱনৰ মূল্যৱান সময় অতিবাহিত কৰিছিল। পিতৃ এজন জেইলাৰ হোৱাৰ বাবেই পৰিয়ালৰ সৈতে অসমৰ ইমূৰৰপৰা সিমূৰলৈ দিন অতিবাহিত কৰাৰ সুবিধা লাভ কৰিছিল তেওঁ।

কবিতাৰে প্ৰেমৰ অৰ্থ সলনি কৰা মানুহজন আমাৰ মাজত নাই যদিও তেওঁ কবিতাৰে উদযাপন কৰিব লাগিব জন্মদিন। কবিতা বোৰেই তেওঁ আমাৰ মাজত থকাৰ অনুভৱ জগাই তুলিব।

মানুহৰ মাজত থাকি মানুহৰ বাবে কবিতা লিখা মানুহজনে প্ৰেমৰ কবিতা উপহাৰ দিছিল। এটা অজুহাত পালেই তেওঁ মানুহৰ তেনেই নিকটত। মানুহ তেওঁৰ পৰম প্ৰিয় বিষয়। নিঃসৰ্গ তেওঁৰ অমল শব্দৰ উৎসৱ। সেয়ে, হীৰু নামৰ কবিজন কাললৈ আছে এই দেশত, তেওঁ আছে বাবেই এই দেশৰ নিঃস্ব মানুহে আজি কবিতাৰে উদযাপন কৰিছে তেওঁৰেই সত্বাক।

প্ৰিয় কবি হীৰেন ভট্টাচাৰ্যৰ আজি ওপজা দিনত ৰাজ্যৰ ভিন্ন প্ৰান্তত কবিৰ প্ৰিয় মানুহে কবিক স্মৰণ কৰে গভীৰ আত্মীয়তা আৰু শ্ৰদ্ধাৰে।

এই স্মৰণকালত কবি হীৰুৰ কবিতাৰেই কবি হীৰু উদ্ভাসিত আৰু ‘সুগন্ধি পখিলা’হেন চঞ্চল-উচ্ছল। সেই শীৰ্ণ পখিলাৰ প্ৰগলভ চেতনাই কৈছে- হে সময়। গৰ্জি উঠা, নিয়োজিত কৰা সৰ্বোত্তম প্ৰতিভা…।