
বিহালীঃ বিশ্বৰ মানুহক জগোৱা ঐতিহাসিক নৱেম্বৰ বিপ্লৱ’ৰ শতবৰ্ষ বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰত তথা অসমতো ঠায়ে ঠায়ে পালন কৰা দেখা যায়৷ নৱেম্বৰ বিপ্লৱৰ দ্বাৰা ১৯১৭ চনত বিশ্বৰ ইতিহাসৰ প্ৰথমখন সমাজতান্ত্ৰিক দেশ ৰাছিয়াত প্ৰতিষ্ঠা হয়৷ দেশৰ সংগ্ৰামী জনগণে লেনিনৰ নেতৃত্বত ‘নৱেম্বৰ বিপ্লৱ’ সফল কৰিছিল৷ ১৯১৭ চনৰ ০৭ নৱেম্বৰত ৰাছিয়াত ঐতিহাসিক ৰুছ বিপ্লৱ আৰম্ভ হয়।
যাৰ ফলত জাৰৰ শাসন অন্ত পৰে। ১৯১৭ চনৰ ৭ নৱেম্বৰৰ বিপ্লৱে সফলতা লাভ কৰিছিল৷ দীৰ্ঘ সংগ্ৰামৰ অন্তত ৰাছিয়াত সমাপ্ত হৈছিল জাৰ তন্ত্ৰৰ৷ জাৰ তন্ত্ৰ ওফৰাই জনগণৰ অধিকাৰ প্ৰতিষ্ঠা কৰিছিল কমিউনিষ্ট সকলে৷ কমিউনিষ্ট আদৰ্শৰে এই বিপ্লৱ চলিছিল দীৰ্ঘদিন। সমগ্ৰ বিশ্বই নৱেম্বৰ বিপ্লৱক স্মৰণ কৰে আকৌ এবাৰ৷ চিপিআই (এম-এল)ৰ বিশ্বনাথ জিলা সমিতিয়ে মঙলবাৰে মহান নৱেম্বৰ বিপ্লৱৰ শতবৰ্ষ বৰগাং বিষ্ণুৰাভা ৰঙ্গ মঞ্চত উদযাপন কৰে।
বিপ্লৱৰ শতবৰ্ষ দিৱসৰ সৈতে সংগতি ৰাখি প্ৰথমে পতাকা উত্তোলন কৰা হয়। পতাকা উত্তোলন কৰে আশিষ গাংগুলিয়ে। শতবৰ্ষ দিৱসত অংশগ্ৰহন কৰে চিপিআই এম-এলৰ ৰাজ্যিক নেতা বিবেক দাস, বিশ্বনাথ জিলা সমিতিৰ সম্পাদক লীলা শৰ্মা, কৃষক মহাসভাৰ আহ্বায়ক অনন্ত হাজৰিকা, লক্ষীকান্ত কূৰ্মী, বিপ্লৱী যুৱ সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ আহ্বায়ক পৰিমল গোঁড়, বিকাশ চুব্বা আৰু ধনঞ্জয় দাসে।
উদযাপনত উপস্থিত থাকি চিপিআই এম-এলৰ নেতা বিবেক দাসে কুৰি শতিকাৰ প্ৰথমাৰ্দ্ধত লেনিনৰ নেতৃত্বত ৰাছিয়াত যি সমাজতান্ত্ৰিক বিপ্লৱ সংঘটিত হৈছিল সেয়া বিশ্বৰ শ্ৰমিক শ্ৰেণীৰ লগতে সমগ্ৰ মানৱ জাতিক পুঁজিবাদী শোষণ আৰু সাম্ৰাজ্যবাদী নিপীড়নৰ বিৰুদ্ধে নতুন পথৰ সন্ধান দিছিল বুলি কয়।
শ্ৰমিক শ্ৰেণীক নতুন সমাজ গঢ়াৰ নতুন চালিকা শক্তি হিচাপে প্ৰতিষ্ঠিত কৰিছিল আৰু ঔপনিৱেশিক শোষনৰ বিৰুদ্ধে জাতীয় মুক্তিৰ সংগ্ৰামটো লেনিনীয়বাদেই মুক্তিৰ সন্ধান দিছিল। এশ বছৰৰ পাছতো একৈশ শতিকাৰ এই সময়চোৱাত নতুন ৰূপৰ কৰ্পৰেট শোষণ আৰু ডি'জিটেল একনায়কত্বৰ আধিপত্যত তৃতীয় বিশ্বৰ প্ৰতিখন দেশেই নিজৰ স্বাধীনতা হেৰুৱাইছে আৰু শ্ৰমিক কৰ্মহীন হৈ পৰা বুলি কয়৷