
হোজাইঃ ৰাজ্যৰ দল-সংগঠন ঘৃণনীয় ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে সোচ্চাৰ হৈ থকাৰ সময়তে এটাৰ পিছত এটা ধৰ্ষণ-যৌন নিৰ্যাতনৰ ঘটনা অসমত সংঘটিত হ’ব ধৰিছে। ছাত্ৰ সংগঠন, মহিলা সংগঠন, ৰাজনৈতিক দলে এই কাণ্ডত জৰিত লোকক ফাঁচী দিয়াৰ দাবী উত্থাপন কৰি অহাৰ সময়তে ঘৃণনীয় ধৰ্ষণ কাণ্ডৰ যেন ওৰহে নপৰে৷
এটাৰ পিছত এটা কাণ্ড অসমত সংঘটিত হ’ব ধৰিছে। এইবাৰ ৰাজ্যৰ ৰাজ পথৰ দাতিত পৰি থাকিল নাৰী৷ অৱলা নাৰীৰ যেন কোনো সুৰক্ষাই নাই অসমত৷ যাৰ বাবে আজি ৰাজপথৰ দাতিত পৰি থাকিব লগা হৈছে নাৰী৷ দেহৰ পৰা ৰক্তক্ষৰণ হৈ থকা যুৱতী উদ্ধাৰ হৈছে হোজাই জিলাত৷ হোজাই চহৰৰ পৰা কিছু নিলগত ৫৪নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত অচেতন অৱস্থাত উদ্ধাৰ হয় যুৱতীগৰাকী৷
যুৱতীগৰাকীক পুৱাই একাংশ লোকক পৰি থকাৰ প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ তাৰ পৰা উদ্ধাৰ কৰি সমীপৰ নীলবাগান চিকিৎসালয়ত ভৰ্তি কৰে৷ স্থানীয় ৰাইজে যুৱতীৰ শৰীৰৰ অৱস্থা প্ৰত্যক্ষ কৰি যুৱতীগৰাকী ধৰ্ষণ কাণ্ড সংঘটিত কৰি পেলাই নথৈ যোৱাৰ সন্দেহ কৰা হৈছে৷ আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত কোনো লোকক আটক কৰিব পৰা নাই৷ ৰাইজে দুজন যুৱকে যুৱতীগৰাকীক পেলাই থৈ যোৱাৰ সন্দেহ কৰে৷ পৰিচয় উদ্ধাৰ হোৱা নাই যুৱতীৰ৷
কাঠুৱা আৰু উন্নাও কাণ্ডই দেশ তোল-পাৰ লগাই থকাৰ সময়তে অসমত নিতৌ সংঘটিত ঘটনাক ৰোধ কৰিবলৈ চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা দেখা নাযায়। অসম আৰক্ষীয়েও বিশেষ ব্যৱস্থা গ্ৰহণ কৰাত বিফল হৈছে বুলি অভিযোগ উত্থাপন হৈছে। যাৰ ফলত এতিয়া একাংশ লোকে আসুৰিক তৃপ্তি লাভৰ বাবে নিতৌ ধৰ্ষণ কাণ্ড সংঘটিত কৰিব ভয় নকৰা হৈছে বুলি অভিযোগ হৈছে।
ভাৰতীয় প্ৰাচীন সভ্যতা-সংস্কৃতিত নাৰীক দেৱী জ্ঞান কৰাৰ লগতে অসমীতো নাৰীক এক বিশেষ শক্তি বুলি ভবা হয়। নাৰীক মা দুৰ্গা, ‘মা’ কালীৰ ৰূপতো কল্পনা কৰাৰ লগতে নাৰীক সৃষ্টিকাৰী, প্ৰাণদায়িনী বুলি ভবা হয়। কিন্তু এই নাৰীকে সমাজৰ একাংশ ধৰ্ষণ কৰি সমগ্ৰ মানৱ জাতিকে মনোকষ্ট দি আহিছে৷