
নগাঁওঃ ৰঙৰ উৎসৱ ফাকুৱাৰ আনন্দত মতলীয়া হৈ পৰিছে সমগ্র ৰাজ্য৷ দেশৰ লগতে ৰাজ্যৰ সৰ্বত্ৰে দৌল উৎসৱ উলহ-মালহেৰে পালন কৰিবলৈ চলিছে ব্যাপক প্ৰস্তুতি৷ সৰু-ডাঙৰ সকলোয়ে ব্যাপক হৰ্ষ-উল্লাসৰ মাজেৰে দেহ-মন মতলীয়া কৰি তোলা এই উৎসৱটি উদযাপন কৰিবলৈ অধীৰ আগ্ৰহেৰে বাট চাই থকাৰ বিপৰীতে বিভিন্ন প্ৰকাৰৰ ৰং-বিৰঙৰ আবিৰেৰে ভৰি পৰিছে বজাৰ৷
ইয়াৰ সমান্তৰালকৈ হৰেক ৰকমৰ ফিচকাৰি, নানা ৰংচঙীয়া মুখা, টুপী আদি সামগ্ৰীবোৰো উপচি পৰিছে বিপণীবোৰত৷ কিন্তু ইয়াৰে অচিলা লৈ নগাঁও জিলাৰ একাংশ অসাধু ব্যৱসায়ীয়ে ৰাইজৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি সস্তীয়া ফাকুগুড়ি বজাৰত মেলি দিছে বিক্ৰীৰ বাবে৷ যিবোৰ ফাকুৰ পেকেটত কোনো দাম লিপিবদ্ধ হৈ নাথাকে৷
আনকি বজাৰত এইবোৰৰ দামৰ যথেষ্ট তাৰতম্য দেখিবলৈ পোৱা যায়৷ কাৰণ ফাকুৱাৰ গুড়িৰ দৰে বিভিন্ন ৰঙৰ বটল কিম্বা ফিচকাৰি আদিত কোনো দাম উল্লেখ নথকাত বিক্ৰেতাই ইচ্ছামতে যি দাম লয় সেয়াই একপ্ৰকাৰে মূল দাম হৈ পৰে৷ জানিব পৰা মতে, এইধৰণৰ দাম লিখা নথকা সস্তীয়া ফাকুৰ গুড়িয়ে মানৱ শৰীৰত অপকাৰ সাধন কৰি জীৱনৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিব পাৰে৷
কিয়নো গ্ৰাহকক সহজে আকৰ্ষিত কৰিবলৈ এচাম মুনাফালোভী অসৎ চৰিত্ৰৰ ব্যৱসায়ীয়ে বিভিন্ন প্ৰকাৰৰ দেহৰ অনিষ্টকাৰী 'কেমিকেল' ব্যৱহাৰ কৰি বিক্ৰীৰ কাৰণে বজাৰত এৰি দিছে৷ গতিকে গুণাগুণ বিচাৰ নকৰি কম দামত পোৱা আবিৰ বা ফাকুৰ গুড়িকে গ্ৰাহকে ক্ৰয় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে এইচাম অসাধু ব্যৱসায়ীয়ে৷
জিলাখনৰ একাংশ চিকিৎসকে জানিবলৈ দিয়া মতে, ফাকুৱাত মিহলোৱা অতি বিষাক্ত ৰাসায়নিক দ্ৰব্যবোৰে চকু, ছাল, চুলি আদিত ক্ৰিয়া কৰি নানা মাৰাত্মক ৰোগৰ সৃষ্টি কৰাব পাৰে৷ ঘাইকৈ এনেধৰণৰ ফাকুৰ গুড়ি নাকেৰে সোমাই গ’লে শ্বাসকেন্দ্ৰৰ ক্ষতিসাধন কৰাৰ উপৰি উশাহ-নিশাহৰ ক্ষেত্ৰত বহু পৰিমানে সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ অবাধে কম মূল্যত বিক্ৰী হৈ থকা সস্তীয়া আবিৰৰ বিক্ৰী ৰোধ কৰি ৰাইজক সম্ভাব্য বিপদৰ পৰা উদ্ধাৰৰ ক্ষেত্ৰত জিলা প্ৰশাসনক কাৰ্যকৰী পদক্ষেপ গ্ৰহণৰ দাবী জনাইছে নগাঁৱৰ সচেতন মহলে৷