
কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ বিছমুৰী উপ-আৰক্ষী চকীত কৰ্মৰত গৃহৰক্ষী বাহিনীৰ জোৱান হানিফ আলি (৩৭) মঙলবাৰে এক পথ দূৰ্ঘটনাত নিহত হয়।
পুৱা প্ৰায় ৪.২০ বজাত ৩১ নং(গ) ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত গাড়ীয়ে হানিফ আলিক মহতিয়াই নিয়াত গৃহৰক্ষী বাহিনীৰ জোৱানগৰাকীৰ থিতাতে মৃত্যুমুখত পৰে।
উল্লেখ্য যে হানিফ আলি সেইসময়ত সম্পূৰ্ণৰূপে গৃহৰক্ষীৰ পোছাক পৰিধান কৰি আছিল যদিও বিছমুৰী উপ-আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই পুৱাৰ ভাগত হানিফৰ ডিউটি নাছিল বুলি সদৰি কৰে।
ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে গৃহৰক্ষী বাহিনীৰ জোৱানগৰাকীক অবৈধভাৱে ৰাষ্ট্ৰীয় ঘাইপথত ধন সংগ্ৰহ কৰিবলৈ গৈছিল বুলি সন্দেহ প্ৰকাশ কৰিছে।
উল্লেখ্য যে মৃত হানিফৰ ঘৰ জিলাখনৰ গোসাঁইগাঁৱৰ মোক্ৰামবিলত আৰু মৃত্যুৰ পূৰ্বে অৰ্থাৎ পুৱা ৪ মান বজাত পৰিয়ালৰ লোকৰ সতে মোবাইলত কথা পাতি সন্তানক পঢ়া শুনা কৰিবলৈ উপদেশ দিছিল।