জাৱৰৰ ৰখীয়া হৈ থকা মানুহখিনি সুখী নে অসুখী

দিচাংমুখঃ দৰিদ্ৰতাৰ এখন কৰুণ ছবি থাকে৷ ফটা কামিজৰ মাজেৰে প্ৰকট হৈ পৰা বুকুখনে কঢ়িয়াই লৈ ফুৰে সেই ছবিখনি৷ দৰিদ্ৰতাৰ বাবে বিলাস এক দুঃস্বপ্ন৷ সিহঁতৰো সপোন থাকে সুখৰ নদীত এবাৰ জুবুৰিয়াই আহিবলৈ নিজকে৷ কিন্তু নোৱাৰে! ভাতৰ অপেক্ষাত ভোকৰ যন্ত্ৰনাত হুমুনিয়াহ সলাওতেই পাৰ হয় সিহঁতবোৰৰ দিন-ৰাতি৷ অৱশ্যে দৰিদ্ৰতাৰো আছে শ্ৰেনী বিভাজন৷ যাৰ ঘৰ এখন আছে, বা যাৰ ঘৰ এখনো নাই৷ 

কিন্তু জীৱনৰ দাম সকলোৰে বাবে একেই৷ কিন্তু প্ৰশাসন অথৱা চৰকাৰে কিমান মূল্য দিয়ে দৰিদ্ৰতাৰ জীনৱৰ৷ সেয়া প্ৰত্যক্ষ হৈছে শিৱসাগৰৰ শিৱ দ’ল আরু শিৱসাগৰ ছোৱালী বিদ্যালয়ৰ মাজৰ পথটোত৷ য’ত ঘৰহীন এচাম দৰিদ্ৰই আশ্ৰয়ৰ নিশ্চয়তা বিচাৰি অস্থায়ী বাহৰ পাতি থাকিবলৈ লৈছে৷ 

বিদ্যুতৰ টেন্সফৰ্মাৰৰ কাষৰ ভগা কাৰ্লভাৰ্টতেই জীয়াই থকাৰ অপূৰ্ণ বাসনা পূৰণ কৰিছে এচাম ঘৰহীন দৰিদ্ৰই৷ জাৰ-জহৰ পৰা ৰক্ষা পাবলৈ আজি বহুদিন ধৰি তেনেকৈয়ে জীৱন নিৰ্বাহ কৰিছে অচিন ঠাইৰ পৰা অহা বহুকেইজন লোকে৷ গুৰুত্বপূৰ্ণ যে, তেনে দৰিদ্ৰ লোক কেইজনে দিনত উচ্চ বিদ্যুৎ সম্পন্ন টেন্সফৰ্মাটোৰ তলতেই খাইছে, শুইছে৷ লগতে টেন্সফৰ্মাটোৰ পৰা ৰচী টানি কাপোৰ মেলি দিয়াৰো ব্যৱস্থা কৰিছে দৰিদ্ৰ লোক সকলে৷ 

যাৰ ফলত আকস্মিক দূৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনাই দেখা দিছে অঞ্চলটোত৷ আনহাতে টেন্সফৰ্মাটোৰ লগত তেনে ল’ৰা ধেমালি কৰি থকাৰ পাছতো কাষতে থকা পৌৰসভাৰ কাৰ্যলয়ে কিয় কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই সেয়া লৈ সচেতন মহলৰ মনত প্ৰশ্নৰ উদয় হৈছে৷ 

ইফালে সুবিশাল জাৱৰৰ দ’ম আৰু আনফালে থকা মৰণফাণ্ড সদৃশ উচ্চ বিদ্যুৎ পৰিবাহী টেন্সফৰ্মাটোৰ মাজত জীয়াই থকাৰ বাসনাৰে বাহ পাতি থাকিবলৈ লোৱা লোক সকলৰ জীৱনক লৈ পৌৰসভা আৰু প্ৰশাসনে হেতালি খেলা কাৰ্যক লৈও সচেতন মহল ক্ষোভিত হৈ পৰিছে৷ 

দৰিদ্ৰ লোক সকলৰ জীৱনৰ নিৰাপত্তাৰ ব্যৱস্থা কৰি শীঘ্ৰে তেওলোকক সেই স্থানৰ পৰা স্থানান্তৰ কৰিবলৈ সচেতন মহলে চৰকাৰ আৰু প্ৰশাসনৰ ওচৰত দাবী জনাইছে৷