
newsnextone.com | নগাঁওঃ শিক্ষাৰ আহৰণৰ ক্ষেত্ৰত আৰ্থিক দীনতা যে কোনো কাৰণতে হেঙাৰ হ’ব নোৱাৰে এই কথাষাৰকে পুনৰবাৰ প্ৰমাণ কৰিলে নগাঁও জিলাৰ ৰামপুৰ সত্ৰ গাঁৱৰ এজন ছাত্ৰয়ে। কালি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বৃহত্তৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে কৃতী ছাত্ৰ মোসাহিদুল ইছলামে।
ৰামপুৰ ছলাপথাৰ আব্দুছ ছালাম জাতীয় বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ অসমীয়াত ৭৫, ইংৰাজীত ৮৭, সাধাৰণ গণিতত ৯৩, বিজ্ঞানত ৮৪, সমাজ বিজ্ঞানত ৯০ আৰু আৰবীত ৮৬ নম্বৰ লাভ কৰি ডিষ্টিংছনসহ সৰ্ব্বমুঠ ৫১৫ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ছাত্ৰজনে।
উল্লেখ্য যে, ৰামপুৰ সত্ৰৰ মোসাহিদুল ইছলামৰ পিতৃ শ্বৰিফুল ইছলামে পেশাত এগৰাকী গাড়ী চালক৷ পিতৃয়ে উপাৰ্জন কৰা কেইটিমান টকাৰে যেনেতেনে পৰিয়াল পোহপাল দি আহিছে সাতজনীয়া পৰিয়ালটোৱে। সৰুৰেপৰা কাম-কাজৰ কৰাৰ লগতে সমানে সমানে অধ্যয়নতো মনোনিৱেশ কৰা মোসাহিদুলে পঢ়াৰ বাবে পোৱা নাছিল প্ৰয়োজনীয় সা-সুবিধা।
বছৰেকীয়া পৰীক্ষাৰ পূৰ্বে দৈনিক ৭-৮ ঘন্টাকৈ আৰু বছৰেকীয়া পৰীক্ষাৰ পিছৰেপৰা দৈনিক ১০ ঘন্টাকৈ পঢ়িছিল মোসাহিদুলে। ঘৰুৱা শিক্ষকৰ সহায় নোলোৱাকৈ সাফল্য কঢ়িয়াই অনা ছাত্ৰগৰাকীয়ে তেওঁ পঢ়া-শুনাৰ ক্ষেত্ৰত পিতৃ মাতৃ, বিদ্যালয়ৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰীৰ পৰা অফুৰন্ত প্ৰেৰণা লাভ কৰিছিল বুলি জনায়। উচ্চতৰ মাধ্যমিকত বিজ্ঞান শাখাত নাৰ্মভৰ্তি কৰি ভৱিষ্যতে এগৰাকী সফল ডাক্তৰ হোৱাৰ সপোন পুহি ৰাখিছে মোসাহিদুলে।