প্ৰথম দহগৰাকীৰ ভিতৰত স্থান, অনিন্দিতা-জিণ্টিয়ে উজলালে বাক্সাক

newsnextone.com | মুছলপুৰঃ শুকুৰবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যৰ আন কেইবাখনো জিলাৰ দৰেই বিটিএডিৰ বাক্সা জিলাৰ দুগৰাকী ছাত্ৰীয়ে প্ৰথম দহগৰাকীৰ ভিতৰত স্থান দখল কৰিবলৈ সক্ষম হয়৷ জিলাখনৰ গোৰেশ্বৰৰ অনিন্দিতা মেধী আৰু বৰমাৰ জিন্টি দেৱীয়ে প্ৰথম দহগৰাকীৰ ভিতৰত স্থান দখল কৰে৷

বৰমাৰ জিণ্টি মেধীয়ে তৃতীয় স্থান দখল কৰাৰ লগতে গোৰেশ্বৰৰ অনিন্দিতা মেধীয়ে অষ্টম স্থান দখল কৰে৷ বাক্সা জিলাৰ গোৰেশ্বৰৰ ৰেইনবো ইংলিচ স্কুলৰ ছাত্ৰী অনিন্দিতা মেধীয়ে অষ্টম স্থান লাভ কৰে ৫৮৬ নম্বৰ লাভ কৰি৷ কমল মেধী আৰু স্বৰ্ণলতা মেধীৰ একমাত্ৰ কন্যা অনিন্দিতা মেধী। পিতৃ কমল মেধী গোৰেশ্বৰস্থিত শুক্লা জলসিঞ্চন প্ৰকল্প কাৰ্যালয়ত এগৰাকী কৃষি সম্প্ৰসাৰণ কৰ্মী হিচাপে কৰ্মৰত।  

বাক্সা জিলাৰ চেইণ্ট জ’নছ হায়াৰ ছেকেণ্ডাৰিৰ ছাত্ৰী জিণ্টি দেৱীয়ে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয়৷ জিলালৈ গৌৰৱ কঢ়িয়াই আনে চাৰিগৰাকী মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীয়ে৷ সাধনা আৰু অত্যাধিক পৰিশ্ৰমৰ বলত শুকুৰবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত জিণ্টি দেৱীয়ে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয়৷