খাৰুপেটীয়াবাসীয়ে কলে পৰিৱৰ্তন সম্ভৱ, সমানে সমানে চলিছে কৃষি বিপ্লৱ আৰু শিক্ষা বিপ্লৱ

newsnextone.com | খাৰুপেটীয়াঃ শিক্ষাৰ পোহৰ অবিহনে এখন সমাজ আগবাঢ়িব নোৱাৰে৷ শিক্ষা এটা জাতিৰ উন্নয়নৰ দিশ, ভাবধাৰা নিৰ্ণয় কৰে৷ শিক্ষাই সমাজৰ পূৰ্ণ বিকাশ ঘটায়৷ সাধাৰণ কথাত কবলৈ গ’লে জ্ঞান আৰু দক্ষতা অৰ্জন কৰাটোৱেই হৈছে শিক্ষা৷ শিক্ষাৰ গুৰুত্ব বুজি পাওতে বিশ্বৰ প্ৰায় সংখ্যাক দেশকে কিছু সময় লাগিছিল৷ শেহতীয়াকৈ দেখা গৈছে শিক্ষা এক বিপ্লৱত পৰিণত হৈছে৷ দেশ তথা প্ৰতিখন সমাজে শিক্ষাক গুৰুত্ব সহকাৰে লৈ আগবাঢ়িছে৷ সন্তানৰ ভৱিষ্যতৰ স্বাৰ্থত উচিত শিক্ষা দি সন্তানক জ্ঞান দিয়াৰ লগতে দক্ষ কৰাৰ বাবে অভিভাৱকে উঠি পৰি লাগিছে৷

ৰাজ্য খনৰ দৰং জিলাৰ অতি পিছপৰা কৃষি প্ৰধান এলেকা হৈছে খাৰুপেটীয়া৷ সংখ্যালঘু লোকে বসবাস কৰা খাৰুপেটীয়াৰ ৯০ শতাংশ লোকেই কৃষি কৰ্মৰ সৈতে জড়িত৷ কবলৈ গ’লে ৰাজ্যখনৰ সকলোতকৈ বেছি কৃষি সামগ্ৰী উৎপাদন হোৱা ঠাইখিনিয়েই হৈছে খাৰুপেটীয়া৷ খাৰুপেটীয়াত শিক্ষিতৰ হাৰ নিচেই কম৷ কিছু বছৰ আগলৈ মুষ্টিমেয় একাংশ লোকেহে শিক্ষা আহৰণ কৰিছিল৷ একাংশ অভিভাৱকে সন্তানক শিক্ষাদানতকৈ কৃষি কৰ্মত নিয়োগ কৰি স্বাৱলম্বী কৰাৰ বাবে চিন্তা কৰিছিল৷ যাৰ বাবে একাংশ পৰিয়ালে সন্তানক শিক্ষাৰ পৰা আতৰত ৰখা পৰিলক্ষিত হৈছিল৷ খেতি-বাতি কৰি পৰিয়াল চলোৱা বহু লোকে সন্তানক বিদ্যালয়লৈ পঠিওৱাৰ বিপৰীতে কৃষি কৰ্মত জৰিত কৰোৱা পৰিলক্ষিক হৈছিল৷ কিন্তু সময় যেন সলনি হ’ল৷

সংখ্যালঘু এলেকাটোৰ লোকসকল যেন সময়ৰ লগে লগে সলনি হ’ব ধৰিছে৷ খাৰুপেটীয়াত যোৱা কেইবাটাও বছৰত বহু সংখ্যাক যুৱক-যুৱতীয়ে উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ ওলাই আহিছে৷ যোৱা কেইবাটাও বছৰৰ দৰে এইবেলিও হাইস্কুল শিক্ষান্ত পৰীক্ষাত অঞ্চলটোৰ বহু ছাত্ৰ-ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে৷ অঞ্চলটোৰ লোকসকলে যেন যুদ্ধহে ঘোষণা কৰিছে শিক্ষা বিপ্লৱৰ বাবে৷ কৃষি বিপ্লৱৰ সমানে সমানে শিক্ষা বিপ্লৱ কৰাৰ ফলত পলমকৈ হলেও সকলোৰে মুখত এতিয়া হাঁহি বিৰিঙিছে৷ 

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত দৰং জিলাৰ বৃহত্তৰ সংখ্যালঘু এলেকা খাৰুপেটীয়াৰ পৰা বহু সংখ্যাক ছাত্ৰ-ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে৷ যাক এক গৌৰৱৰ ক্ষণ হিচাপে উৎসৱৰ দৰে পালন কৰা পৰিলক্ষিত হৈছে৷ সংখ্যালঘু অধ্যাুষিত অঞ্চলটোক সততে একাংশ লোকে অন্য দৃষ্টিৰে চাই আহিছে যদিও ২৫ মা’ৰ্চত ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সংখ্যালঘু এলেকাটোৱে প্ৰমাণ কৰে তেওঁলোকে পৰিৱৰ্তন বিচাৰে৷ 

অঞ্চলটোৰ লটাখাট গাঁওস্থিত আজাদ জাতীয় বিদ্যালয়ৰ পৰা পৰীক্ষাত বহা পৰীক্ষাৰ্থীয়ে এশ শতাংশই উত্তীৰ্ণ হয়৷ বিদ্যালয়খনত ২৩গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত দৰিদ্ৰ পৰিয়ালৰ সন্তান মতিউৰ ৰহমান আৰু আব্দুৰৌফে ডিষ্টিংছন, ৫ গৰাকীয়ে ষ্টাৰ, ১১ গৰাকীয়ে প্ৰথম আৰু ৭গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়৷

খাৰুপেটীয়াৰে ভিতৰুৱা অঞ্চল কাৱাডাংগা হাইস্কুলৰ পৰা পৰীক্ষাত বহা গোলাম ওসমানী আৰু বানেচ আলীয়ে ছয়টা বিষয়তে লেটাৰসহ সুখ্যাতিৰ উত্তীৰ্ণ হয়৷
গোলাম ওসমানীৰ পিতৃয়ে দিন হাজিৰা কৰে আৰু বানেচ আলীৰ পিতৃ অ’টোচালক৷ আনহাতে ডিক্সা একাডেমীৰ ৫গৰাকীয়ে ডিষ্টিংছন, ৪গৰাকীয়ে ষ্টাৰ, ২৩গৰাকীয়ে প্ৰথম, ১৭গৰাকীয়ে দ্বিতীয় আৰু ২গৰাকীয়ে পৰীক্ষাৰ্থীয়ে তৃতীয় বিভগত উত্তীৰ্ণ হয়৷ অঞ্চলটোৰ প্ৰাইম ইনষ্টিটিউটৰ পৰাও ৪গৰাকীয়ে ডিষ্টিংছন ৭গৰাকীয়ে ষ্টাৰ সহ সুখ্যাতিৰে উত্তীৰ্ণ হয়৷

ফালে ব্যক্তিগতখণ্ডৰ খাৰুপেটীয়া মৰ্ণিংষ্টাৰ ইংলিশ হাইস্কুল, লুইত ভেলী ইংৰাজী হাইস্কুলৰ পৰাও ডিষ্টিংছন, ষ্টাৰ সহ সন্তোষজনক ফলাফল কৰি খাৰুপেটীয়াৰ গৌৰৱ কঢ়িয়ায়৷ উল্লেখ্য যে পুৱ দৰঙৰ সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে কপাটি জাতীয় বিদ্যালয়খনেও৷ বিদ্যালয়খনৰ পৰা গণিত বিষয়ত এশ নম্বৰ লাভ কৰে মুজাহিদুল ইছলামে৷

৩ জনে ডিষ্টিংছন, ১৭ জনে ষ্টাৰ, লাভ কৰে৷ ইয়াৰ ওপৰি দলগাঁও জাতীয় বিদ্যালয়, ছাদেক আলী হাই মাদ্ৰাছা, আৰু পুৱ কামাৰপাৰা জাতীয় বিদ্যালয়ৰ ফলাফল খুবেই ভাল৷ ইয়াৰে পুৱ কামাৰপাৰাৰ ফিৰুজ জামাল, আৰু ইক্ৰামুল হুছেইনে ৫টা বিষয়তে লেটাৰসহ ডিষ্টিংছন লাভ কৰে৷ আনহাতে ব্যক্তিগতখণ্ড বিদ্যালয়ৰ বিপৰীতে  খাৰুপেটীয়াৰ চৰকাৰীখণ্ডৰ বিদ্যালয়ৰ ফলাফল অত শোচনীয়৷ দলগাও, খাৰুপেটীয়া, বল্লভাই পেটেল হায়েৰ চেকেণ্ডাৰী আদি বিদ্যালয়৷ 

উল্লেখ্য যে, ব্যক্তিগত খণ্ডৰ বিপৰীতে বৃহত্তৰ খাৰুপেটীয়া অঞ্চলৰ চৰকাৰী বিদ্যালয়সমূহৰ ফলাফলে হতাশ কৰিছে সৰ্বসাধাৰণ ৰাইজক৷ সততে চৰকাৰী বিদ্যালয়সমূহত পাঠদান নোহোৱাৰ যি অভিযোগ উঠি আহিছিল সেয়া ফলাফলেই প্ৰমাণ কৰিছে বুলি বহুতেই কব খোজে৷

►ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত খাৰুপেটীয়াৰ দৰং জাতীয় বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ ছাত্র-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্রী আৰু পৰিচালনা সমিতিয়ে। বুধবাৰে দৰং জাতীয় বিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিদ্যালয় খনৰ শিক্ষক ফাইজুদ্দিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত হয় এখন সম্বৰ্ধনা সভা। 

বিদ্যালয়খনৰ শিক্ষক জয়নুদ্দি আহমেদে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ পিছত বিশিষ্ট অতিথি হিচাপে জ্যেষ্ঠ সাংবাদিক মেছেৰ আলী, শিক্ষক মাজহাৰুল হক, খাৰুপেটীয়া মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত উচ্চ বৰ্গ সহায়ক খন্দকাৰ দিলোৱাৰ হুছেইনে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰী সকলক প্ৰশংসা কৰে৷

সকলোকে একো একোজন আদৰ্শ ব্যক্তি হ’বলৈ আহ্বান জনায়৷ মুঠ সোতৰ গৰাকী ছাত্ৰ-ছাত্ৰীক ফুলাম গামোছা, জাপি আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সম্বৰ্ধনা অনুষ্ঠানটি পৰিচালনা কৰে বিদ্যালয়খনৰ অধ্যক্ষ জাফৰ অালী দেৱানে। যোৱা বছৰৰ দৰে এই বছৰো হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয়খনৰ পৰা ১০০% উত্তীৰ্ণ হয়।