নগাঁৱত বিলাসী বাহন সহ বৃহৎ পৰিমানৰ অস্ত্ৰ জব্দ

নগাঁওঃ  নগাঁও আৰক্ষীৰ অটাৰ পিছত এটাকৈ বৃহৎ সাফল্য৷ জব্দ হৈছে বৃহৎ পৰিমানৰ অস্ত্ৰ-শস্ত্ৰসহ এখন  হুণ্ডাই গেটজ গাড়ী। জিলাখনৰ যান-বাহন শাখাৰ আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ হ'ল দুটা এ.কে ৪৭, এটা থ্ৰি নট থ্ৰি ৰাইফল, ১৮০ জাই সজীৱ গুলী, ব্ৰাউন চুগাৰ, গাঞ্জা, চোকা অস্ত্ৰসহ বহু পৰিমাণৰ নিষিদ্ধ সামগ্ৰী।

এ-এছ-01-এ-জি-3342 নম্বৰৰ এখন হোণ্ডাই গেটছ গাড়ীৰ পৰা উদ্ধাৰ হৈছে এই বৃহৎ পৰিমাণৰ সামগ্ৰীসমূহ। অৱশ্যে, আৰক্ষীয়ে এই সামগ্ৰীসমূহ কঢ়িয়াই অনা দুৰ্বৃত্তৰ দলটোক এই পৰ্য্যন্ত আটক কৰিবলৈ সক্ষম হোৱা নাই।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, গাড়ীখনত চাৰিজন লোক গুৱাহাটীৰ পৰা ডিফু অভিমুখে আহি আছিল৷ ট্ৰেফিক আৰক্ষীয়ে সন্দেহৱশত হয়বৰগাঁৱৰ সমীপত তালাচীৰ বাবে সংকেত দিওতেই বাহনখন ৰয় যদিও দুৰ্বৃত্ত কেইজন কৌশলেৰে পলাই সাৰিবলৈ সক্ষম হয়।নগাঁও আৰক্ষীয়ে সম্প্ৰতি লোককেইজনক কৰায়ক্ত কৰিবৰ বাবে অভিযান তীব্ৰতৰ কৰিছে।