
দুলীয়াজানঃ সৰ্বভাৰতীয় কংগ্ৰেছৰ সৰ্বোচ্ছ পদত যুৱৰাজ ৰাহুল গান্ধী৷ দেশৰ কংগ্ৰেছ নেতা-কৰ্মীৰ যেন গাঁ সাত খন আঁঠ খন৷ যুৱ ৰাজে দলৰ নেতৃত্ব পোৱাৰ লগে লগে কংগ্ৰেছীয়ে যেন উভতি পাইছে শক্তি৷
সোমাবৰে ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে দুলিয়াজানত কংগ্ৰেছৰ নৱ নিৰ্বাচিত সভাপতি ৰাহুল গান্ধীক শুভেচ্ছা যাচে দুলীয়াজান কংগ্ৰেছে৷
মানৱ শৃংখল অনুষ্ঠানৰ জড়িয়তে অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সদস্য ধ্ৰুৱজ্যোতি গগৈ, জ্যেষ্ঠ কংগ্ৰেছ নেতা নীল দত্ত, ধন মেছ, প্ৰণৱ বৰুৱাৰ উপস্থিতিত দুলীয়াজান কংগ্ৰেছ কৰ্মীয়ে শুভেচ্ছা যাচে৷