পবিত্ৰ ঈদ, নগাঁৱত বৰষুণত তিতি-বুৰি গঞাই আদায় কৰিলে ঈদৰ নামাজ

newsnextone.com | নগাঁওঃ ভাতৃত্ববোধ, ত্যাগ আৰু ঐক্য-সংহতিৰ চানেকী বহন কৰা ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ-উজ-জোহা বা বকৰিদ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নগাঁও জিলাটো বুধবাৰে ওলহ-মালহেৰে পালন কৰা হয় ৷ কিন্তু পুৱা বেলা অহা বৰষুণে ঈদৰ পৰম্পৰাগত নামাজ আদায়ত যথেষ্ট বেমেজালিৰ সৃষ্টি কৰে ৷ যাৰ পৰিণতিত বহুতেই বৰষুণত তিতি-বুৰিয়েই ঈদৰ নামাজ আদায় কৰিবলগীয়াত পৰে৷ অৱশ্যে দুপৰীয়াৰ পৰা বতৰ একেবাৰে ফৰকাল হৈ পৰাত সকলোকে উৎফুল্লিত কৰি তোলে৷ 

ইফালে,অত্যাৱশ্যকীয় সামগ্ৰীৰ জুই-চাই দামে লক্ষণীয়ভাবে আৰ্থিক দিশত বহু পৰিমাণে মাধমাৰ শোধালেও ঈদ উপলক্ষে ধনী-দুখীয়া সকলোৱে পুৱাৰে পৰা অতিকে ব্যস্ত হৈ পৰাত সৰ্বতে উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হোৱা দেখা যায় ৷ 

জিলাখনৰ জাজৰি, পাঘালী, নিচানতল, ইছলামপট্টি, টুকটুকী, বৰিবজাৰ, হাতীযুঁজোৱা, কদমনি, ধূপগুৰি, ধনীয়াভেটি, ভোমোৰাগুৰি, গৰৈমাৰী, ভকতগাঁও, বৰভেটি, শিমলুগুৰি, ৰৌমাৰী, টকৌবাৰী, কাতিমাৰী আদি সকলো অঞ্চলৰ ঈদগাহ ময়দান, সানকাহ, মছজিদত ইছলাম ধৰ্মাৱলম্বী লোকসকলে পুৱাৰ ভাগত বৰষুণৰ মাজতে ঈদৰ নামাজ সম্পন্ন কৰাৰ লগতে এই পবিত্ৰ দিনটোয়ে এক শান্তিৰ বাতাৱৰণ কঢ়িয়াই অনাৰ পৰম আশাৰে আল্লাৰ ওচৰত দোৱা কৰে৷ 

তদুপৰি নামাজৰ পিছতেই বকৰিদৰ পৰম্পৰা অনুসৰি বিত্তৱানসকলে যিয়ে যেনেকৈ পাৰে সাধ্যানুসৰি জীৱ-জন্তু কোৰবানি দিয়ে৷ আনহাতে, সমগ্ৰ দিনজুৰি জাকজমককৈ আয়োজিত ঈদৰ নানা কাৰ্যসূচীত উচ্চ-নীচ ভেদাভেদ পাহৰি সকলোয়ে অংশগ্ৰহণ কৰি ঈদৰ অনাবিল আনন্দ-উছাহত মতলীয়া হৈ পৰি ঐক্য-সম্প্ৰীতিৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰা পৰিলক্ষিত হয়।