
newsnextone.com | জাজৰিঃ অশান্ত জৰ্জৰ সমগ্ৰ বিশ্ব পুনৰ শান্ত হওক। প্ৰকৃতিয়ে এক সুস্থিৰ অৱস্থা পাওক। সমাজক কলুষিত কৰা অসামাজিক দানৱবোৰ নোহোৱা হৈ সমাজলৈ এক শান্ত সৌম্য বাতাবৰণ পুনৰ ঘূৰি অহা অজস্ৰ আশা আৰু সপোনেৰে জাজৰিৰ সমূহ ইছলাম ধৰ্মালম্বী ৰাইজ শনিবাৰে পুৱাই গৈ উপস্থিত হয় জাজৰি আঞ্চলিক ঈদগাহত স্থলিত।
পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা নামাজত সহস্ৰাধিক অঞ্চলবাসী ৰাইজৰ আশাপ্ৰদ সহযোগিতা প্ৰদান কৰে। শিশুৰ পৰা বৃদ্ধলৈ সকলোৱে এই নামাজত আন্তৰিকতাৰে ভাগ লোৱা পৰিলক্ষিত হয়। নিশা ধাৰাসাৰ বৰষুণৰ পাছত ৰাইজে বতৰক লৈ কিছু সংকিত আছিল যদিও পুৱাৰ ৰৌদ্ৰোজ্জ্বল পোহৰে সকলোৰে মন ফৰকাল কৰি তোলে আৰু সকলোৱে দলে বলে আহি ভাতৃত্ববোধৰ ভাৱেৰে নামাজত অংশগ্ৰহণ কৰে।
নামাজৰ পৰাই উপস্থিতসমূহ ৰাইজে কামনা কৰে যে ইমান দিনে বিশ্বত্রাসৰ সৃষ্টি কৰি অহাসমূহ শক্তি নিপাত যাওঁক আৰু সমাজলৈ সুস্থিৰ অৱস্থা ঘূৰি আহক। উল্লেখযোগ্য যে, বিগত কেইবাবছৰ ধৰি উক্ত ঈদগাহখন পকীকৰণৰ ব্যৱস্থা চৰকাৰী পক্ষৰ পৰা কৈ অহা হৈছিল যদিও আজিকোপতি ইয়াৰ সফল পৰিণতি দেখা নগ’ল।
সময়ে সময়ে অঞ্চলবাসী ৰাইজে চৰকাৰী পক্ষৰ লগত যোগাযোগ কৰিও কোনো সুফল পোৱা নাই বুলি ঈদগাহ সমিতিয়ে জানিবলৈ দিয়ে। ফলত ভুক্তভুগি ৰাইজে আজিও বিভাগীয় কৰ্তৃপক্ষক ঈদগাহ খন পকীকৰণৰ ব্যৱস্থা ল’বলৈ আন্তৰিক আহ্বান জনায়। লগতে সমূহ জাজৰিবাসীৰ হৈ জাজৰি আঞ্চলিক ঈদগাহ সমিতিৰ সভাপতি মতিবুৰ ৰহমান আৰু সম্পাদক ইমদাদুৰ ৰহমানে অসমবাসীলৈ পৱিত্ৰ ঈদৰ শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰে।